বিকশিত অসমৰ নগ্ন স্বৰূপ।
একবিংশ শতিকাতো বুকুত কেচুৱা লৈ নদী ফালি যাতায়াত কৰিব লগীয়া এই দৃশ্য।
এইয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত গহপুৰৰ পূব প্ৰান্তৰ ৰঙাজান মিচিং আৰু ৰঙাজান ডফলা
গাঁৱৰ দৃশ্য ।
পাহাৰীয়া চেঁচা নৈৰ পাৰত অৱস্থিত গাওঁ দুখনৰ বাসিন্দা সকলে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ বছৰ ধৰি ভুগি আহিছে সমস্যাত।
নাই সূচল বাট-পথ।নদীৰ বুকুৰে দৈনিক যাত্ৰা গাওঁবাসীৰ।
গাওঁ দুখনলৈ নাহে এম্বুলেঞ্চ, কিম্বা ব্যক্তিগত যান-বাহন।
বছৰৰ বাৰমাহেই নৈৰ বুকুৱেদি যাতায়ত কৰিব লাগে অঞ্চলবাসীয়ে।
বিজ্ঞানসন্মত ভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ ফলত প্ৰতিবছৰেই বানপানীয়ে জুৰুলা কৰে অঞ্চলবাসীক।
মুঠতে সমস্যাই লগ নেৰে ৰঙাজান মিছিং আৰু ৰঙাজান ডফলাৰ লগতে ওচৰৰে কেইবাখনো গাঁৱৰ ৰাইজক।