এখন নৌকা চিকিৎসালয়।
মাজুলীৰ কমলাবাৰী ঘাটত নিৰ্মাণ হৈছে এখন নৌকা চিকিৎসালয়।
কভিড মহামাৰীয়ে সকলোতে ত্ৰাসৰ সৃষ্টি কৰা সময়তে দুৰ্গম নদীকাষৰীয়া অঞ্চলৰ ৰাইজৰ চিকিৎসা সেৱাৰ বাবে সাজু হৈছে এছ.বি কৰুণা নামৰ নৌকা চিকিৎসালয় খনৰ।
কৰ্নাটকৰ কৰুণা ট্ৰাষ্টৰ অধীনত গহপুৰৰ দুৰ্গম নদীকাষৰীয়া অঞ্চলৰ ৰাইজৰ চিকিৎসা সেৱা দিনে নিশাই শীৰ্ঘেই উপলব্ধ হ'ব অত্যাধুনিক নৌকা চিকিৎসালয় খন।
মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ,শিক্ষা ৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ কণিষ্ঠ পুত্ৰ তথা প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী ধ্ৰুৱজ্যোতি গোস্বামীৰ নিজস্ব নক্সা আৰু পৰিকল্পনাৰে নিৰ্মাণ হৈ উঠিছে নৌকা চিকিৎসালয় খনৰ
অত্যাধুনিক নৌকা চিকিৎসালয় খনত থাকিব প্ৰসুতিৰ বাবে লেবাৰ ৰুম,অপিডি,লেবৰেটৰী,ফাৰ্মাচীকে ধৰি অত্যাধুনিক চিকিৎসা সজুলিৰ।
শীত তাপ নিয়ন্ত্ৰিত কোঠা উপলব্ধ নৌকা চিকিৎসালয় খনত দিনে নিশাই থাকি ডাক্তৰ নাৰ্চে সেৱা আগবঢ়াব গহপুৰৰ নদীকাষৰীয়া অঞ্চলৰ ৰাইজক।
১৮ ফুট বহল আৰু ৮৫ ফুট দীঘলৰ ১৬,০২৫ কেবি কাঠেৰে নিৰ্মাণ কৰি উলিওৱা নৌকা চিকিৎসালয় খনক লৈ বিশেষভাৱে আশাবাদী যুৱ ব্যৱসায়ী ধ্ৰুৱজ্যোতি গোস্বামী।