১১৪ নং জোনাই বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ডা° হেম হৰি প্ৰসন্ন পেগুৰ বিপুল সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল।
আজি মনোনয়ন দাখিলৰ অন্তিম দিনলৈ মুঠ সাত গৰাকী প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল ৷
জোনাই মহকুমাধিপতি ও জিলা ৰিটাৰনিং অফিচাৰৰ ওচৰত জোনাই বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ডা° হেম হৰি প্ৰসন্ন পেগু বিপুল সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কৰে।কংগ্ৰেছৰ প্ৰাৰ্থী জনে চিমেন চপৰিৰ পৰা সৰু - বৰ প্ৰায় দুহেজাৰখন বাইক আৰু গাড়ীৰে ৰেলী কৰি আহি প্ৰথমে জোনাইস্ত দলীয় কাৰ্যালয়ত উপস্থিত হয় ৷ অগণন সমৰ্থক ও দলীয় কৰ্মীক লগত লৈ ঢোলে দগৰে দিনৰ ১২ বজাত জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ প্ৰদান কৰে ৷
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন অৰ্থাৎ বৰ্তমানলৈকে মুঠ সাত গৰাকী প্ৰাৰ্থী ক্ৰমে ভূৱন পেগু , বিজেপি ; ডা° হেমহৰী প্ৰসন্ন পেগু , কংগ্ৰেছ ; ফনী টায়েং , অসম জাতীয় পৰিষদ ; মাধৱ মুচাহাৰী , ৰাইজৰ দল ; ভাগ্য চুংক্ৰাং JDU আৰু ভৱানী বড়ো , মহিলা দল; যতিন কাৰ্দং নিৰ্দলীয় হৈ মনোনয়নপত্ৰ দাখিল কৰে ৷