ঢকুৱাখনাত জন সচেতন মঞ্চ অসমৰ উদ্যোগত কৃতজ্ঞতা যাত্ৰা।
আজি ঢকুৱাখনা নগৰত জন সচেতন মঞ্চ অসমৰ উদ্যোগত কেইবাশতাধিক লোকে গৰুখুটিৰ অবৈধ
বেদখলৰ উচ্ছেদ অভিযান চলাই খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে
অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন জনাই কৃতজ্ঞতা যাত্ৰা আৰম্ভ কৰে ।
সকলোৱে হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰক ধন্যবাদ, অসম আৰক্ষী জিন্দাবাদ, অসমৰ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাক জিন্দাবাদ, গৰুখুটিৰ অবৈধ বেদখলকাৰী হুছিয়াৰ আদি শ্লোগানেৰে কৃতজ্ঞতা
শোভাযাত্ৰা কৰা দেখা যায় ।

