India Book of Record আৰু National Book of Records ত নাম সন্নিৱিষ্ট ধেমাজিৰ এগৰাকী
যুৱ সংবাদ কৰ্মীৰ। দাৰৱদ্ধ এগৰাকী সংবাদ কৰ্মৰ লগতে সমান্তৰালকৈ চলাই নিছে তেওঁ
সমৰ কলা। সমৰ কলা প্ৰশিক্ষক হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা হোৱাৰ পিছত জিলিকি উঠিছে
সৰ্বভাৰতীয় পৰ্যায়ত যুৱ সংবাদ কৰ্মী গৰাকীয়ে।
তেওঁ হৈছে ধেমাজি জিলা বৰদলনি চৌখাম গাঁৱৰ নিবাসী ললিত শইকীয়া। এক মিনিটত ৯৮
বাৰ side lunges প্ৰদৰ্শন কৰি খিতাপ অৰ্জন আৰু ৩০ চেকেণ্ড ত ৬৫ বাৰ Jump Push up
প্ৰদৰ্শন কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ। শইকীয়াই অষ্টম শ্ৰেণীৰ পৰাই
সমকলা প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে আৰু বৰ্তমানে প্ৰশিক্ষক হিচাপে বিভিন্ন বিদ্যালয়ত
সমকলা শিক্ষা প্ৰদান কৰি আহিছে। বিশেষকৈ শইকীয়াই সমৰ কলা হিচাপে- কাৰাটে, Tai
kwon do, মুৱাই থাই আৰ্ট গ্ৰহণ কৰি আহিছে। সমৰ কলা খেলৰ জৰিয়তে জিলা, ৰাজ্যিক,
নৰ্থ ইষ্ট তথা ৰাষ্ট্ৰীয় বঁটা পৰ্যায়ৰ খিতাপো অৰ্জন কৰিবলৈ সক্ষম হয়। লকডাউনৰ
সময়চোৱাত india Book of Record আৰু National Book of Recordsত নাম সংযোগ কৰিবলৈ
সক্ষম হৈছে যুৱ সংবাদ কৰ্মী ললিত শইকীয়াই।