লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা।
ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগৰ দলক আৱদ্ধ অৰুণাচলী বেদখলকাৰীৰ।
পাৱাৰগ্ৰীডৰ লাইনৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছিল লখিমপুৰৰ DFO অশোক কুমাৰ দেৱ চৌধুৰী সহ বনবিভাগৰ দল।
অসমৰ বনাঞ্চলত অৰুণাচলীয়ে পথ নিৰ্মাণ কৰা দেখি বাধা দিছিল বনবিভাগৰ দলটোৱে।
তাতেই ক্ষুন্ন হৈ আৱদ্ধ কৰে বনবিভাগৰ দলক। কাঢ়ি লয় DFO গৰাকীৰ মোবাইল ফোন।
কাঢ়ি লবলৈ চেষ্টা কৰা বনৰক্ষীৰ মাৰনাস্ত্ৰও। অৰুণাচলী দুৰ্বৃত্তই ফালি পেলায় বনৰক্ষীৰ পোছাকো। অসমৰ বনবিভাগ আৰু আৰক্ষীৰ বিশাল বাহিনীয়ে মুকলি কৰি আনিছে বনবিভাগৰ দলটোক। সম্প্ৰতি অব্যাহত উত্তেজনা।