Share on Facebook

গণশক্তি অসমৰ ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন।

 বিলমুখ পঞ্চায়তৰ সূৰ্য চিন্তে মেম'ৰিয়েল হলত সন্মিলিত গণশক্তি অসমৰ ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন।

সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়নক মূলমন্ত্ৰ হিচাবে লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা আৰু সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত গঠন হোৱা সন্মিলিত গণশক্তি অসম দলৰ আজি ১৬ তম প্ৰতিষ্ঠা দিৱস।

২০০৫ চনতে জন্ম লাভ কৰা  সন্মিলিত গণশক্তি অসমৰ ১৬ তম প্ৰতিষ্ঠা দিৱসটো অন্যান্য ঠাইৰ সমান্তৰালভাৱে ঘিলামৰা ব্লক সমিতিৰ উদ্যোগত বিলমুখ পঞ্চায়তৰ অন্তৰ্গত সূৰ্য চিন্তে স্মৃতি ভৱনত অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষ ৰোপণ, স্বহীদ তৰ্পনৰ পিছতে দলীয় পতাকা উত্তোলন কৰা হয়।

দিনৰ ১ বজাত অনুষ্ঠিত হোৱা আলোচনা সভাত সভাপতিৰ আসন গ্ৰহণ কৰে সন্মিলিত গণশক্তি অসমৰ ঘিলামৰা ব্লক সমিতিৰ সভাপতি তুলাৰাম কুম্বাঙে। 

 সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু খনিকৰে  গণশক্তি দলৰ নীৰ্তি,আদৰ্শৰ লগতে ভবিষ্যতে দলটোৰ আৰু অধিক আগুৱাই নিবলৈ  কাৰ্যকৰ্তাক অনুৰোধ জনোৱাৰ লগতে বহুমূলীয়া ভাষণ আগবঢ়াই।

ইফালে এই আলোচনা সভাত ঘিলামৰা ব্লক সমিতিৰ সাধাৰণ সম্পাদক চিত্ৰ সেনাপতি, সোৱণশিৰি পঞ্চায়তৰ সভাপতি তথা ঘিলামৰা ব্লক সমিতিৰ কোষাধ্যক্ষ খনিন্দ্ৰ মেদক ,বিলমুখ পঞ্চায়তৰ সভাপতি গণেশ দলে,ঘিলামৰা ব্লক সমিতিৰ নাৰীশক্তিৰ উপসভানেত্ৰী ৰাজুমণি চুতীয়া, কেন্দ্ৰীয় সমিতিৰ সদস্য পানিন্দ্ৰ মেদক,TMPK ৰ ঢকুৱাখনা জিলা সমিতিৰ সাধাৰণ সম্পাদক ভূপেন দলেৰ লগতে বহুসংখ্যক ব্যক্তি।




MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post