জোনাই প্ৰেছ ক্লাৱৰ 'অন্তৰংগ কাব্যানুষ্ঠান'
ডেৰ কুৰি নবীন-প্ৰবীণ কবিৰ কবিতা পাঠ
বিশিষ্ট কবি উৎপল দলে, মাধৱ পাৱক বিশেষ সম্বৰ্ধনা
জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত আজি জোনাই সদৰৰ ঙাচাৰচুক উকোমত 'অন্তৰংগ কাব্যানুষ্ঠান' এখন অনুষ্ঠিত কৰা হয়। জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰা অনুষ্ঠানত প্ৰথমতে বিশিষ্ট কবি, অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱ আৰু বিশিষ্ট কবি, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেক কেইবাখনো মূল্যৱান কাব্যাপুথিৰে অসমীয়া কাব্যজগতৰ ভঁৰাল চহকী কৰি অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে একোখনকৈ প্ৰশস্তি পত্ৰ আৰু মিচিং গালুগেৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছত বিশিষ্ট কবি, অতিৰিক্ত উপায়ুক্ত, ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে অন্তৰংগ কাব্যানুষ্ঠানখন উদ্বোধন কৰি 'কবিতা প্ৰকৃতিৰেই প্ৰতিছৱি' বুলি মন্তব্য কৰে। বিশিষ্ট কবি তোষেশ্বৰ মিৰি আগৰৱালাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অন্তৰংগ কাব্যানুষ্ঠানত বিশিষ্ট কবি মাধৱ পাৱ, ইন্দ্ৰেশ্বৰ পেগু, নবীন গগৈ, উৎপল দলে, ভূপেন চন্দ্ৰ পেগু, প্ৰান্তিকা শৰ্মা, জয়কুমাৰ দলে, মৃদুপবন চুতীয়া, তিলক মেধি, পূৰ্ণিমা সূত্ৰধাৰ, জোনমণি সোণোৱাল, মিনতি বৰ্মন, জোনমণি দলে, শোনীয়া কুম্বাং, নুমলী পেগু, ৰুমী পাদুন, কাজলী বড়ো, পল্লৱী হাজৰিকা দলে, মাধৱী গোহাঁই, পাপৰি মেদক, ৰিংকুমণি বৰশইকীয়া, ৰজনী সন্দিকৈ, অঞ্জনা পেগু দলে, স্মৃতি দলে, অঞ্জনা টায়ুং শইকীয়া, জীপেন দলে, ৰয়েল পেগু, প্ৰতাপ চন্দ্ৰ পাৱ আদি প্ৰায় ডেৰ কুৰি নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে। তদুপৰি অনুষ্ঠানত শিশু শিল্পী আকাংক্ষা দেৱী আৰু প্ৰবীকা শৰ্মাই গীত পৰিবেশন কৰাৰ লগতে কাব্যাভিনয় কৰি উপস্থিতসকলক আমোদ যোগায়। কাব্যানুষ্ঠানত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 ৰাজেশ্বৰ পেগু, শিক্ষক প্ৰদীপ গগৈ, ৰাজীৱ পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, উপেন পেগু, মনোজ প্ৰজিপতি, ভাস্কৰজ্যোতি টায়েং, গৌতম পেগু, কৰবী দলে, প্ৰাঞ্জিত দলে, হৰেণ চাৰহ, যতীন ৰেগন, অশোক পাৰিক, জীপেন দলেৰ লগতে বহু কাব্যানুৰাগীয়ে উপস্থিত থাকে। ইপিনে অন্তৰংগ কাব্যানুষ্ঠানৰ পৰ্যালোচক বিশিষ্ট শিল্পী, লেখক, সদৌ মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগুৱে নিজৰ বক্তব্যত মানুহৰ আদিম সভ্যতাৰ পৰা কাব্যসাহিত্যৰ লগত সম্পৰ্ক হোৱা বুলি মন্তব্য কৰি অনুষ্ঠানত পাঠ কৰা কবিতাবোৰৰ ওপৰত সাম্যক বিশ্লেষণ আগবঢ়ায়। শলাগৰ শৰাই আগবঢ়াই বিজয় বৰিয়ে।