মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যুৱ ফুটবল খেলুৱৈ সকলৰ উত্তৰণ তথা ফুটবল খেলৰ
প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে এম এ চিৰ উদ্যোগত অনুষ্ঠিত কৰি অহা এম এ চি ছুপাৰ
লীগ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণটো ১৪ নৱেম্বৰ দেওবাৰৰ পৰা আৰম্ভ হয় ৷
১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এম এ চি ছুপাৰ লীগ ৷
ধেমাজি জিলাৰ গোগামুখৰ মহৰিকেম্পস্হিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা উক্ত ফুটবল
প্ৰতিযোগিতাখনত এম এ চিৰ অন্তৰ্গত মুঠ ছয়টা দলক আমন্ত্ৰিত কৰা হৈছে ৷ দলসমূহ এ, বি, চি, ডি, ই, এফ জ’নত ভাগ কৰা হৈছে ৷
এম এ চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে জনোৱা
মতে ১৪ নৱেম্বৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷
উল্লেখনীয় যে, ২০১৫ চনৰ পৰা এম এ চি ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে এম এ চি অঞ্চলত খেলৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷