অভয়াপুৰী খানাৰ কাষতে থকা পশ্চিম অভয়াপুৰী নামঘৰত সংগঠিত হৈছে চুৰিকাকাৰ্য।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখা নামঘৰত আজি চুৰি কাৰ্য সংগঠিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰাপ্ত বাতৰি মতে জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত পশ্চিম অভয়াপুৰী নামঘৰত আজি চুৰি কার্য সংগঠিত হয়। উল্লেখযে অভয়াপুৰী খানাৰ মাত্ৰ প্ৰায় ২০০ মিটাৰমান দূৰত্বত অৱস্থিত উক্ত নামঘৰত ইতিমধ্যে কেইবাবাৰো চুৰিকার্য সংগঠিত কৰি মাইক ছেটকে ধৰি বিভিন্ন মূল্যবান সা-সামগ্ৰী লৈ যোৱাৰ ঘটনাই সহজ ভাবে গ্ৰহন কৰিব পৰা নাই বাপ,বান্ধৱ,আই-মাতৃ আৰু স্থানীয় সাধাৰণ ৰাইজে।এনেকি ওচৰতে থকা শিৱ মন্দিৰ ,বিভিন্ন অনুষ্ঠান-প্ৰতিস্থান,স্থানীয় লোকৰ গৃহত সাম্প্ৰতিক প্ৰায়ে সংগঠিত হৈ আহিছে এই চুৰি কাৰ্য্য উক্ত এলেকাত গৃহৰক্ষী বাহিনী(ভিডিপি) পাৰ্টি আৰু আৰক্ষী বাহিনীৰ লোক গীজগিজাই থকাৰ পিছতো এইদৰে চুৰিকাৰ্য্য সংগঠিত হোৱাৰ ঘটনাই ইতিমধ্যে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।