Share on Facebook

জোনাইত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

 বখলা বখলকৈ এৰিছে ব্লেকটপিং: বিষয়া-ঠিকাদাৰৰ ওপৰত শাস্তিমূলক ব্যবস্থা গ্ৰহণৰ দাবী - TMPK আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ। 



ধেমাজি জিলাৰ বানবিধ্বস্ত জোনাই মহকুমাৰ বৈকুণ্ঠপুৰৰ পৰা দমকল ঘাটলৈ যোৱা 

 প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পকী পথটো অতি নিম্নমানে নিৰ্মাণ কৰাক লৈ ৰাইজৰ

 মাজত সৰব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  উল্লেখযোগ্য যে নিৰ্মিয়মান পথছোৱাৰ দমকল ঘাট

 অংশত ভঙা শিল, বালি আৰু আলকতাৰা সঠিক ভাবে ব্যৱহাৰ নকৰাৰ উপৰিও প্ৰয়োজন

 সাপেক্ষে পানী যোগান ধৰি ৰোলাৰ নমৰাৰো অভিযোগ আনিছে TMPK আৰু ABSU ছাত্ৰ

 সন্থাই । মহকুমাটোৰ উক্ত গুৰুত্বপূৰ্ণ পথছোৱা নিৰ্মাণৰ বাবে প্ৰদীপ ৰাতি নামৰ এজন

 ঠিকাদাৰক আৱন্টন দিছে । কিন্তু এই গুৰুত্বপূৰ্ণ পথটো ঠিকাদাৰে এনেদৰে নিম্নমানৰে

 নিৰ্মাণ কৰাক লৈ স্হানীয় ৰাইজে বাৰে বাৰে অভিযোগ দিয়াৰ স্বত্তেও জোনাই গড়কাপ্তানী

 বিভাগ নিমাত । 

         উল্লেখযোগ্য যে ৰামধন ধিকাৰী TMPK আঞ্চলিক সমিতি আৰু জোনাই মধ্য ABSU

 আঞ্চলিক সমিতিৰ এক সজাতি দলে এই পথছোৱা পৰিদৰ্শন কৰি অভিযোগ কৰামতে

 প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ কোটি টকীয়া পথটো ঠিকাদাৰে নিম্নমানেৰে নিৰ্মাণ কৰাৰ

 ফলত নিৰ্মাণ নৌহওঁতেই পথছোৱাৰ ঠায়ে ঠায়ে চপৰা চপৰে ব্লেকটপিং উঠি গৈছে ।

 এনেদৰে ঠিকাদাৰে কোটি টকীয়া পথ দুৰ্নীতিপূৰ্ণ আৰু নিম্নমানেৰে নিৰ্মাণ কৰাৰ পিছতো

 জোনাই গড়কাপ্তানী বিভাগে পৰৱৰ্তী সময়ত ঠিকাদাৰৰ ওপৰত কি সিদ্ধান্ত ল'ব সেয়া হ'ব

 লক্ষণীয় ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post