আজিৰে আৰম্ভ হ'ল ছয়মহীয়া মিচিং ভাষাৰ পাঠদান কাৰ্যসূচী
আজি সোমবাৰে সোৱণশিৰি অঞ্চলৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ৰ পুথি ভঁৰাল প্ৰেক্ষাগৃহত চাংগা অৱনৰি বাংকে আগম কেবাঙৰ উদ্যোগত মিচিং নৱপ্ৰজন্মৰ সকলক অধিক ভাষাটোৰ প্ৰতি আকৃষ্ট কৰা , মিচিং জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ সম্যক ধাৰণা চিনাকি দিয়া,মিচিং ভাষাৰ ব্যাকৰণ ,মিচিং ভাষা শুদ্ধকৈ ক'ব- লিখিব পৰাকৈ আৰু প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকল মানপত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখি ছয়মহীয়া মিচিং ভাষা পাঠদান কাৰ্যসুচী অনুষ্ঠিত কৰিছে।দুশৰো ছাত্র ছাত্ৰীৰ উপস্থিতিত মিচিং ভাষা পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভনীৰ প্ৰবেশদ্বাৰ মুকলি কৰে মিচিং আগম কেবাঙৰ উপ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙে।
উক্ত সভাত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সচিব ডিম্ভেশ্বৰ দলেয়ে উপস্থিত হৈ অসম চৰকাৰৰ মুখ্য মন্ত্ৰীলৈ আহ্বান--মিচিং ভাষাক পঞ্চম শ্ৰেনীলৈকে শিক্ষাৰ মাধ্যম হিচাপে কৰি দিবলৈ আহ্বান জনাই।