লখিমপুৰৰ পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ বিদায়-সম্বৰ্ধনা সভা ।
১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা লখিমপুৰৰ পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠানখনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰী কাৰ্ক চন্দ্ৰ টাইদৰ বিদায় ও সম্বৰ্ধনা অনুষ্ঠান আযোজন কৰে। তেওঁৰ ৩৪ বছৰীয়া কাৰ্য্যকালৰ আধাকাল উক্ত শিক্ষানুষ্ঠানখনক জীয়াই ৰখাৰ প্ৰচেষ্টা আৰু অপ্ৰাদেশিকৰনৰ পৰা প্ৰাদেশিকৰনৰ জীৱনজোৰা সংগ্ৰামত যুঁজ দিওতে পাৰ হৈ গল।
বৃহত্তৰ ঘাগৰ অঞ্চলৰ উঠি অহা লৰা ছোৱালীৰ ভবিষ্যত আৰু শৈক্ষিক পৰিবেশ ৰক্ষাৰ স্বাৰ্থত বহু সমস্যাৰ মাজত দিন অতিবাহিত কৰি বিনা বেতনে কৰ্মজীৱনৰ আধাকাল কটালে। বিগত ৩১/০১/২০২১ তাৰিখে পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে ৩৪ বছৰীয়া কৰ্মজীৱনৰ বিয়লি বেলাত অৱসৰগ্ৰহন কৰে। সেয়েহে আজি ১৪/১২/২০২১ তাৰিখে ঘাগৰ কলা খোৱা, কলিয়নি, কান কুৰিকা অঞ্চলৰ সদাশয় লোক আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা সমুহ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰে।
উক্ত সভাত লখিমপুৰৰ শিক্ষা খণ্ড বিষয়া, লখিমপুৰৰ CLUSTER সহ CRCC ৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি শৰ্মাকান্ত মিলিৰ সভাপতিত্তত তেখেতৰ মহান শিক্ষকতাৰ জীৱনালক্ষ্যৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। শেষত তেখেতৰ অৱসৰ জীৱনৰ ভবিষ্যত মঙ্গল আৰু দীৰ্ঘাযু কামনা কৰি সম্বৰ্ধনা সভাখনি সামৰে।
Tags:
Education