লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ তামনচুক গাঁৱত আজি দুপৰীয়াৰ ভাগত পোহনীয়া ম'হৰ
আক্ৰমণত এজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
আঘাতপ্ৰাপ্ত লোকজন তামনচুক গাঁৱৰ নিবাসী কোলাই টাইডৰ পুত্ৰ ৰাজু টাইড বুলি জানিব
পৰা গৈছে । জানিব পৰামতে, ন-আলিৰ অজিত পেগু নামৰ ম'হ বেপাৰীজনে চাউলধোৱাৰ
পৰা তামনচুক গাঁৱৰ মাজেৰে সাতটা ম'হ আনি আছিল । আকস্মিকভাৱে ম'হজাকৰ মাজৰ
এটা ম'হে বেপাৰীজনক আক্ৰমণ কৰে প্ৰথমে । তাৰ পিছত তিলখেতিত কৰ্ম কৰি থকা ৰাজু
টাইডক আক্ৰমণ কৰি বেয়াকৈ আঘাতপ্ৰাপ্ত কৰে । পিছত ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্ত
জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা
গৈছে।
Tags:
Accident-medical