জোনাইত মিচিঙৰ পাঁচ জাতীয় সংগঠনৰ যৌথ সধাৰণ অধিবেশন সম্পৰ্কে সংবাদমেল ৷
অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ TMPK ৰ লগতে পাঁচটা জাতীয় সংগঠনৰ জোনাই জিলা সমিতিৰ যৌথ অধিবেশন জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ২৫ আৰু ২৬ ডিচেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হব৷
সেই সন্দৰ্ভত জোনাই জিলা সমিতিৰ পাঁচটা জাতীয় সংগঠনৰ লগতে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি নৰেশ কুম্বেঙে শুক্ৰবাৰে জোনাইস্থিত ঙাচাৰচুক্ উকুমত এক সংবাদ মেল সম্বোধন কৰে ।
Tags:
Art & culture