পুনৰ আলফা স্বাধীনত যোগদান লখিমপুৰ জিলাৰ চাউলধোৱা থানাৰ অন্তৰ্গত থেকেৰাগুৰিৰ দুই যুৱক
পুনৰ উজনি অসমত শক্তিশালী হৈ উঠিছে আলফা স্বাধীনৰ সাংগঠনিক ভেটি
যোৱা ১৩ডিচেম্বৰ,২০২১,সোমবাৰে ৰাতিপুৱাই লখিমপুৰ জিলাৰ চাউলধোৱা থানাৰ অন্তৰ্গত থেকেৰাগুৰিৰ
জীতেন শইকীয়া আৰু অনু শইকীয়াৰ প্ৰথম পুত্ৰ জয়ন্ত শইকীয়া, একে গাঁৱৰে ললিত শইকীয়া আৰু ফিলুমিলা শইকীয়াৰ তৃতীয় পুত্ৰ পৱন শইকীয়াৰ স'তে অৰুনাচলৰ জিৰত চাউণ্ড চিষ্টেমৰ কাম কৰিবলৈ ওলাই যোৱা যুৱক দুজনৰ লগত পাঁচ দিন ধৰি পৰিয়ালৰ লোকে সংযোগ স্থাপন কৰিব নোৱাৰাত আৰু নিজৰ নিজৰ ফেচবুকত একাউণ্টত আলফা স্বাধীনৰ মুকলি সমৰ্থনৰ আঁত ধৰি বৰ্তমান পৰিয়ালৰ লোকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
ইতিমধ্যে আলফা স্বাধীনত যোগদানৰ সন্দেহ প্ৰকাশ কৰা জয়ন্ত শইকীয়া আৰু পৱন শইকীয়াৰ পিতৃ মাতৃয়ে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটাই আহ্বান ---যুৱক দুজনক ঘৰলৈ ঘুৰাই অনাৰ ব্যৱস্থা কৰি দিয়ক। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ পিতৃ মাতৃৰ কাতৰ আহ্বান --জয়ন্ত শইকীয়া আৰু পৱন শইকীয়াক উভতাই পঠিয়াই দিয়ক।