গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰেড ওৱান বেল্ট পৰীক্ষা সম্পন্ন
সদৌ অসম টাইকোৱানডো সন্থা আৰু উত্তৰ মণ্ডল অসম টাইকোৱানডো সন্থাৰ তত্বাৱধানত আৰু ধেমাজি জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত ১৮ আৰু ১৯ ডিচেম্বৰ,২০২১ দুদিনীয়া কাৰ্যসূচীৰে ৰেড ওৱান বেল্ট পৰীক্ষা গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।আজিৰ অন্তিমটো ৰেড ওৱান বেল্ট পৰীক্ষাত উত্তৰ মণ্ডলৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, উত্তৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা এশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।এই ৰেড ওৱান বেল্ট পৰীক্ষাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সূৰ্য কুমাৰ নাথ,অভিজিত গগৈ,কৃষ্ণকান্ত গগৈ,হৰেন ভূমিজ আৰু ধেমাজি জিলা টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক খগেন কোৱৰে।
Tags:
Sports