মাজুলীত ভয়াবহ অগ্নিকাণ্ড। জুইত জাহ গ’ল বিজু নৰহৰ ঘৰ।
মাজুলী জিলাৰ অন্তগত ৰঙাচাহি মিচিং গাৱৰ বিজু নৰহ ঘৰত সোমবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷এই অগ্নি কাৰ পৰা কেনেকৈ লাগিল এতিয়া লৈ জানিব পৰা নাই৷ অগ্নিকাণ্ড ফলত নৰহৰ ঘৰৰ বহুতো সা-সামগ্ৰী লাগতীয়াল নথিপত্ৰ ছাৰখাৰ হয় ৷ পিচত স্থানীয় ৰাইজে অগ্নিনিৰবাপক বাহিনিক খবৰ দিয়ে৷ তেওলোকে আহি জুই নুমুৱাবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজৰ ভাষ্যমতে ব্যক্তিজনৰ প্ৰায় পাচ লক্ষাধিক টকা সা সম্পতিৰ ক্ষতি হৈছে৷ জুই লগাৰ সময়ত পৰিয়ালৰ লোকসকল খেতি পথাৰত ব্যস্ত আছিল বুলিও জানিব পৰা গৈছে।