হেলেমত নৃশংস হত্যাকাণ্ড। পাষাণ স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। হত্যাকাৰী পুতি থ'লে নৈৰ পাৰত। স্বামী ৰাজেশ ওৰাঙক গ্ৰেপ্তাৰ।
পুনৰ বাৰ পাষাণ স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। এইবাৰ ঘটনাৰ স্থান হেলেমৰ চন্দামাৰী বঙালী।উল্লেখ্য যে মংগলবাৰৰ নিশা চন্দামাৰী বঙালী গাৱঁৰ ৰাজেশ ওৰাঙ নামৰ লোকজনে অত্যাধিক মদ্যপান কৰি আহি ঘৰৰ লোক সকলক মাৰধৰ কৰিবলৈ লয়।ৰাজেশৰ মাৰধৰৰ পৰা কোনোমতে প্ৰাণ লয় মাতৃয়ে যদিও ৰাজেশে এখন পিৰাৰে পত্নীক মূৰত প্ৰহাৰ কৰাত সেই স্থানতে বাগৰি পৰে। বিগত দিন কেইটাত গাওঁবাসীয়ে ৰাজেশক পত্নী দময়ন্তী ওৰাঙ ক'লৈ গ'ল বুলি সোধ পোছ কৰিছিল যদিও জনোৱা নাছিল। কেইবাদিনো বিচাৰ খোচাৰ কৰাৰ অন্তত আজি।পুৱা ঘৰৰ কাষেৰে বৈ যোৱা এখন নদীৰ পাৰত পুতি থোৱা অৱস্থাত মৃতদেহটি উদ্ধাৰ কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজেশৰ ওপৰত নিজ পিতৃক হত্যা কৰাৰ অভিযোগ আছে। এটি পুত্ৰ সন্তানৰ মাতৃক হত্যা কৰাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত হেলেম আৰক্ষী,দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে স্বামী ৰাজেশক কৰায়ত্ব কৰিছে।