অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ধেমাজিত তীব্ৰ উত্তেজনা, যাঠি-জোং দা-কুঠাৰ লৈ শতাধিক ৰাইজ আৰক্ষী-বন বিভাগে ভাঙিলে দলং
অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধেমাজি জিলাত সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিৱেশ অব্যাহত আছে ৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাঙত সীমা বিবাদৰ উত্তেজনাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে ৷
অসম চৰকাৰে আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ কৰা সোপাদিলা মনোভাৱ আৰু অসমৰ সীমান্ত বাসীক কৰা অৱহেলাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহে দিনক দিনে অসমৰ ভূমি বে-দখল কৰি আহিছে ৷ সম্প্ৰতি ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ অৰুণাচলীৰ আগ্ৰাসনে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাংবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ অসমৰ ভূমিৰ ২৫ কিলোমিটাৰ ভিতৰভাগত লিকাবালিৰ পৰা গেৰুকামুখলৈ ৫০ কিলোমিটাৰ পথ নিৰ্মাণ কৰি আছে ৷ অৰুণাচলীৰ পথ নিৰ্মাণ তথা আগ্ৰাসন সন্দৰ্ভত বাৰংবাৰ ধেমাজি জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো প্ৰশাসনে গুৰুত্ব নিদিয়াত মিংমাংবাসীয়ে বৃহস্পতিবাৰে হাতে যাঠি-জোং, দা-কুঠাৰ লৈ ওলাই আহে আৰু অৰুণাচল প্ৰদেশে পথ নিৰ্মাণৰ বাবে স্হাপন কৰা শ্ৰমিকৰ শিবিৰ জ্বলাই দিয়াৰ লগতে নাম ফলক ভাঙি দিয়ে ৷ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ঘটনাস্থলীত উপস্থিত থকা অসম আৰক্ষী আৰু বনবিভাগে অৰুণাচল প্ৰশাসনে নিৰ্মাণ কৰা পকী দলং জে চি বিৰে ভাঙি দিয়ে ৷
Tags:
Lakhimpur news