ঢকুৱাখনাৰ পাঁচখন পঞ্চায়ত ধেমাজি জিলাত অন্তৰ্ভূক্তিত সন্তুষ্টি প্ৰকাশ পশ্চিম মাছখোৱা ৰাইজৰ।
১৯৮৯ চনৰ পৰা প্ৰশাসনিক ভাবে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিক ভাবে ধেমাজি সমষ্টিৰ হাৰ্হি জিলা পৰিষদৰ হাৰ্হি, ধেনুখনা-বাট'মাৰী, গন্ধীয়া আৰু শিঙিয়া পঞ্চায়তৰ লগতে উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ দুটা ৱাৰ্ড সহ মুঠ চল্লিছ টা ৱাৰ্ড ধেমাজি জিলাত অন্তৰ্ভূক্তিত সন্তুষ্টি।
বৃহস্পতিবাৰে ঢকুৱাখনাৰ কঠালগুৰিত এক সভা অনুষ্ঠিত কৰি অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায়। লগতে তেওঁলোকে আজি তিনিটা দশকে প্ৰশাসনিক খেলি-মেলিৰ পৰা এই অঞ্চলটোক মুক্তি দিয়াত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
লগতে উক্ত পঞ্চায়ত কেইখনৰ একাংশ ৰাইজ আৰু দল সংগঠনে ধেমাজি জিলাত অন্তৰ্ভূক্তিৰ বিৰুধীতা কৰাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে। লগতে তেওঁলোকক হাৰ্হি জিলা পৰিষদৰ অভিভাৱকৰ দায়িত্ব লোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।
Tags:
Assam news