Share on Facebook

চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা

 

চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা


শেহতীয়াকৈ বৰাকত উদ্ভৱ হোৱা অসমীয়া আৰু বাঙালীৰ সংঘাতে সকলোকে উদ্বিগ্ন কৰি তুলিছে৷অসমতেই অসমীয়া ভাষাক এলাগী কৰিব বিচৰা কাৰ্যক সাধাৰণতে কোনেও ইমান সহজভাৱে ল'ব নোৱাৰে৷ অসমীয়া ভাষাৰে লিখা বেনাৰত ক’লা ৰং সনা,২৪ ঘন্টাৰ ভিতৰত অসমীয়া ভাষাৰে লিখা হৰ্ডিং আাঁতৰাবলৈ একাংশ বাঙালী নেতাই দিয়া হুংকাৰে আচলতে কিহৰ ইংগিত দিছে ? বৰাকত সংঘটিত হোৱা এনে কৰ্মকাণ্ডৰ পৰা আমাৰ অনুমান হয় আচলতে এচাম সুযোগ সন্ধানীৰ কুটিল ৰাজনীতিহে,নহ'লে এনেদৰে ভাষা-সংস্কৃতিৰ বিৰুদ্ধে চক্ৰান্ত নকৰে৷জাতীয় আৱেগেৰে পৰিচালিত এগৰাকী জাতীয়তাবাদী নেতা সুস্থ মন-মগজুৰে নিয়ন্ত্ৰিত হ'লেহে এটা জাতিক সু-পৰিকল্পিতভাৱে আগবঢ়াই নিব পাৰে৷সম্প্ৰতি বৰাকৰ কৰ্মকাণ্ডবোাৰ দেখি-শুনি এনে ভাব হয় যে এচাম নেতাৰ অসমীয়া বিদ্বষে অসমীয়া জাতিৰ ঐক্য -সংহতিত আঘাত হনাৰ লগতে স্ব-জাতিকো বিপথে পৰিচালিত কৰিছে৷ আমি মনত ৰখা উচিত অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা৷ এখন ৰাজ্যত নানা ভাষা-ভাষীৰ লোক থাকে৷ তেনেস্থলত অসমত বসবাস কৰা সকলো জাতি-জনজাতিৰ আইৰ মুখৰ ভাষা সমান৷ এখন ৰাজ্যত কোনো ভাষাৰেই বলপূৰ্বক আধিপত্য চলিব নোৱাৰে৷এটা ভাষাৰ আধিপত্য বিস্তাৰ কৰিবলৈ যোৱা মানেই নানা ভাষা-ভাষীসকলৰ মাজত সংঘাত আৰু অসমীয়াৰ জাতীয় সংহতিত আঘাত সৃষ্টি হোৱা৷অসমীয়া জাতীয় সংহতিত আঘাত সৃষ্টি কৰি কোনো ভাষা অথবা জাতিয়ে উন্নতিৰ জখলাত বগাই যাব নোৱাৰে৷ঘৰৰ পদূলিৰ পৰা ওলাই যোৱা মাত্ৰকেই আমাৰ চৌপাশে বসবাস কৰি থকা নানা জাতি-উপজাতিৰ ককাই-ভাই-ভগ্নীহঁতৰ স’তে অসমীয়া ভাষাতেই ভাৱৰ আদান -প্ৰদান কৰি আমি এক সমন্বয়ৰ সাঁকো গঢ়ি তোলো৷আমাৰ জনগোষ্ঠীয় ভাইসকলকৰ বেচিভাগেই আজিও অসমীয়া মাধ্যমত পঢ়া-শুনা কৰে৷তেনেস্হলত অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চৰকাৰৰ লগতে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে৷



সম্প্ৰতি অসমত নানা থলুৱা জাতি-জনগোষ্ঠীয় ভাষা-সাহিত্য চৰ্চা কৰাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে ৷ অসমীয়া জাতিৰ বাবে নিসন্দেহে ই এক শুভলক্ষণ৷কিয়নো থলুৱা খিলঞ্জীয়া জাতি-জনগোষ্ঠীসকলে তেওঁলোকৰ নিজ নিজ ভাষা-সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ হ'লেহে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী হৈ পৰিব৷তেনেস্থলত অসমীয়া ভাষাক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ সমান্তৰালভাৱে নানা থলুৱা নানা জনগোষ্ঠীয় ভাষা-সাহিত্যসমূহকো জীয়াই ৰাখিবৰ বাবে আমি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বদ্ধপৰিকৰ হ'ব লাগিব৷সেই ক্ষেত্ৰত চৰকাৰৰো স্পষ্ট থলুৱা ভাষা নীতিৰ প্ৰয়োজন হ'ব৷পৃথিৱীৰ বুকুৰ পৰা এটা এটাকৈ ভাষা হেৰাই একো একোটা জাতি কেনেকৈ নি:শেষ হৈ গৈ আছে এই কথা 'UNESCO' ই সময়ে সময়ে আমাক সোঁৱৰাই থাকে৷গতিকে আমি অসমীয়া জাতি সতৰ্ক হ'বৰ হ'ল,সমিলমিলেৰে কাৰ্যসূচী হাতত ল'বৰ হ'ল৷ভৱিষ্যতে যাতে আমাৰ মাজৰ পৰা কোনো থলুৱা জনগোষ্ঠীয় ভাষা হেৰাই নাযায়৷এইটো ঠিক যে এটা ভাষা শেষ হোৱা মানে এটা জাতি শেষ হোৱা,এটা জাতি শেষ হোৱা মানে পৃথিৱীৰ বুকুৰ পৰা জ্ঞান -ঐশ্বৰ্য শেষ হৈ যোৱা৷হেজাৰ বছৰীয়া ৱিৱৰ্তনৰ ফলত একো একোটা জাতিৰ সভ্যতা ,বিজ্ঞান গঢ় লৈ উঠে৷ তেনেস্হলত আমাৰ মাজৰ পৰা যদিহে একো একোটা জাতিৰ বিজ্ঞান-সভ্যতা-সংস্কৃতি শেষ হৈ যায় তেনেহ'লে এদিন অসম আৰু অসমীয়াৰ সভ্যতা-সংস্কৃতি নিসঁচ হৈ পৰিব |উদাহৰণস্বৰূপে এটা জাতিৰ বিজ্ঞান-সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত মিচিং জনজাতিৰ কথাকেই আমি উনুকিয়াব পাৰোঁ৷ভাষা-কলা-সাহিত্য,কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধিশালী মিচিং জনজাতি৷দু:প-দুঙান,তাতপ-তাদান,কাংকান-কায়ুম,গেয়ুম-বময়ুম,ৰিবিগাছেং,এগে গাচৰ,নি:তম-আনুনি:তম ইত্যাদি আইৰ মুখৰ ভাষাবোৰ কিমান যে শুৱদী-সুৰীয়া,শুৱলা৷সেই কথা পৃথিৱীৰ কোনো সভ্যতাই অস্বীকাৰ কৰিব নোৱাৰে৷


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post