মা, ভাল দিন আহিব!!!
কবি- দুষ্যন্ত নৰহ
মা...
ন-মাহ ন- দিন তোমাৰ গৰ্ভত
ধাৰণ কৰি থাকোঁতেই,
বৰ হেঁপাহেৰে শুনিছিলো
তোমাৰ মুখৰ শুৱলা ভাষা৷
তোমাৰ কথা শুনি উজাগৰে
কোনোদিন পাৰ কৰা নাছিলোঁ,
চুটি চুটি ঘন ঘন উশাহ
লাহে লাহে দীঘলকৈ এৰিছিলোঁ
মনত পৰেনে , মা?
...মা.... .
কালৰাত্ৰি, তোমাৰ মুখৰ ভাষাৰ
সোণৰ চিৰি খলপে খলপে বগাই
এদিন আহিছিলোঁ সপোনৰ ডিঙা মেলি,
এই পৃথিৱীত
তোৰ মুখৰ ভাষাৰে জগত জিনিম বুলি,
"ক:ৱা কাপ্পয়ক পেংক্কে দে:মাদা
পেংক্কে দে:মৃল ক:ৱা ন কাপলাংকা"
তোমাৰ মুখত প্ৰাণ পাই উঠা
আজিও কি যে মনপৰশি যোৱা
'ক: নি:নাম নি:তম"
শুনি শুনি স্বৰ্ণপুৰীৰ দৰে এটি ঠাইত
নীৰৱে নীৰৱে ওমলি ওমলি
টোপনি গৈছিলো আই তোমাৰ কোলাত...
মা...
আমাৰেই পদূলিমুখৰ আমলখি জোপাত
পাৰ চৰাইযোৰ নিতৌ ৰুণ দিছিল
ডালে-পাতে বহি কুলি চৰাই জাকেও
নিতৌ ঐনিতমৰ গুঞ্জন তুলিছিল
লৃগাঙৰ বতৰা আনিছিল
কেকনেলে গুমৰাগ কেকনচে গুমৰাগ
গুমৰাগ গুমৰাগ ৰাগ
চৌদিশে আকাশ-বতাহ কঁপাই তুলিছিল
এনুৱা চল্লিশটা বসন্তক ঢাঁহিঢুঁহি
ফুৰিছিলোঁ বুকুত সাৱটি
গমকে নাপালোঁ
পিছে,মা.,.
গুটিবোৰ হাকুটিয়াই খাব লওঁতেই
আমলখি জোপা কেনেকৈনো
লঠঙা হৈ পৰিল, গমকে নাপালোঁ!
পাৰ চৰাইযোৰে উৰা মাৰিলে দূৰলৈ
কুলি চৰাই জাকেও উৰি গুচি গ'ল বিদেশলৈ!
মা, অকণো দুখ নকৰিবা
অসমীয়াত আছে এষাৰ কথা-
নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন
এদিন আকৌ
সেই জোপাতেই কুলি চৰাই জাকে ঐনিতম গাবলৈ
পাৰ চৰাইযোৰেও ৰুণ দিবলৈ
উভতি আহিব আই তোমাৰ কাষলৈ....
মা...
ভূপেন দাই কোৱাৰ দৰে
আকাশী গংগা বিচৰা নাছিলোঁ
কাণসমনীয়াৰ স'তে মাথোঁ
'পগ অকুমত ঢাৰি পাতি বহি লৈ
তোমাৰ মুখৰ শুৱলা গমবুগ গমপিৰবোৰ
এদিন চিলেটৰ পৰা ডায়েৰীৰ পৃষ্ঠাত
লিখি ৰখাৰ হেঁপাহ মনত পুহিছিলোঁ
ৰি:বি-গাচেং,এগে-গাচৰ,মিবু গালুগ
কাংকান-কায়ুম,গেয়ুম-বময়ুম
তুমি জনম দিয়া ভাষাবোৰ সঁচাকৈয়ে ইমান শুৱলা
কেনেকৈ কালৰ বুকুত বিলীন হৈ যাব দিওঁ,মা
তোমাৰ কোমল হাতেৰে আলফুলে গুঁটি দিয়া
মিবু আ:বাং,নি:তম-আনুনি:তমৰ ছন্দবোৰে
হৃদয়ৰ খিৰিকী খুলি ঢৌ তুলি যায়
মানুহ মানুহ সকলোৰে মন ভৰি যায়
জীৱনত সেই ছন্দবোৰৰ ঠিকনা
কেনেকৈ হেৰাই যাব দিওঁ ,মা
নাই! নাই! নাই!
ঠিকনা হেৰুৱাব নিবিচাৰো , মা
আমি অৱনিপৰীয়া ডেকা
ককাঁলত টঙালি বান্ধিছো
জীয়াই ৰাখিম মাতৃভাষা...
মা...
আমি নহওঁ ইমান অবুজন
তুমি কোৱা কথাত দিছোঁ মন
অসমীয়া জাতি জোঁটনি আখৰেৰে বন্ধা
আমি নহওঁ সতিনী-আঁহ
লাচিতৰ সংহতিত ৰাখিম ধ্যান
কমলা-বডোফাহঁতৰো ৰাখিম মান,..
মা...
নানা থলুৱা মাতৃভাষা
অসমীয়া ভাষা সঁচাই বাৰেৰহণীয়া
পিছে,মাতৃভাষাৰ বেদনা কিমান
জনতাভৱন!
হয়তো বুজিও অবুজন
ৰজা খাবলৈহে হয় যদি আইন
নিশ্চিত,মাতৃভাষাৰ বিপদ আগমন...
মা,..
তুমি নোহোৱা অকলশৰীয়া
ৰুংগ পতিনেই দিছে তোমাৰ ৰক্ষণাবেক্ষণ
আন দেশৰ হৈয়ো শিক্ষানীতিয়ে
তোমাৰ জীৱনলৈ আনিছে বিধান
পিছে, আমাৰেই বাপুকণ
যাক ভাৱিছিলোঁ জীৱনৰ আভূষণ
তেওঁৰ হাততেই মাতৃভাষাই গণিছে মৃত্যুৰ ক্ষণ!
তথাপিও চকুৰ পানী নুটুকিবা ,মা
জীৱনৰ সোণোৱালী বাটবোৰ ধূসৰ হৈ পৰিব,মা
ঘৰৰ ল'ৰাক ঘৰলৈ
উভতি আহিবলৈ বাট কাটি দিয়া, মা
বিশ্ববিজেতা কাব্যঋষি ককাদেউতাই উচুপি উচুপি মাতৃভাষাক জীয়াই ৰাখিবলে সিহঁতক দিলে বুজনি
ককাদেউতাৰ কথাষাৰ শুনিয়েই
বুকুৰ ঘন ঘন উশাহবোৰ দীঘলকৈ
টানিব পৰা হৈছো , মা
ভাল দিন আহিব
এদিন ভাল দিন আহিব , মা.,.
ভাৱাৰ্থ-
ক:ৱা-সৰু ল'ৰা, কাপ্পয়ক-নাকান্দিবা,পেংক্ক-কপৌ চৰাই,দে:মাদা- উৰা নাই,দে:য়েমৃল- উৰিলে, ন'- তুমি, কাপলংকা-কান্দিবা,ৰি:বি গাচেং-চাদৰ,এগে গাচৰ- মেখেলা চাদৰ,মিবু গালুগ-মিচিং ডেকাই পিন্ধা বিশেষ চোলা, কাংকান-কায়ুম- ধুনীয়া,
গেয়ুম-বময়ুম -পিন্ধিলে চকুত লগা ধৰণৰ
নি:তম-আনুনি:তম- চেনেহী, আধুনিক গীত
ৰুংগ পতিন- ভাৰতীয় সংবিধান, পগ অকুম-প্ৰাথমিক বিদ্যালয়
কবি- দুষ্যন্ত নৰহ
আলোকচিত্ৰ- মিচিং ভাষা পাঠদানৰ এটি মুহূৰ্ত
Tags:
literature