Share on Facebook

ধেমাজি মাছখোৱাত তিনি ৰাজনৈতিক দ'লৰ সংবাদ মেল সম্বোধন।

 ধেমাজি মাছখোৱাত তিনি ৰাজনৈতিক দ'লৰ সংবাদ মেল সম্বোধন। 



ধেমাজি জিলাৰ অতি ভিতৰুৱা  মাছখোৱা অঞ্চলৰ ৰাইজৰ বাবে শাসনাধিষ্ট চৰকাৰে আনিলে আশাৰ বতৰা,যাক লৈ বৃহত্তৰ মাছখোৱা অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ ঢল বৈছে। ধেমাজি জিলাৰ পশ্চিম মাছখোৱাৰ অঞ্চলটো প্ৰশাসনিক ভাৱে ঢকুৱাখনা, আৰু ৰাজনৈতিক ভাৱে ধেমাজি জিলাত বিভক্ত হৈ আছিল ,ফলত অঞ্চলটোৰ ৰাইজে যাতায়ত, তথা বিভিন্ন কাম-কাজত অসুবিধাৰ সন্মুখীন হৈ আহিছিল, সমগ্ৰ বিষয়টো বিগত কেইবাটাও বৰ্ষত কোনো এখন চৰকাৰে সমাধান কৰিবলৈ সক্ষম হোৱা নাছিল।



 কিন্তু বৰ্তমান শাসনাধিষ্ট চৰকাৰে সমগ্ৰ পশ্চিম মাছখোৱাৰ অঞ্চলৰ বৃহৎ সমস্যা সমাধানৰ বাবে  প্ৰশাসনিক তথা ৰাজনৈতিক ভাৱে ধেমাজি জিলাত স্বীকৃতি প্ৰদান কৰে আৰু ইয়াকে লৈ সমগ্ৰ পশ্চিম মাছখোৱাৰ অঞ্চলটো ৰাইজৰ বৃহৎ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ল বিজেপি নেতৃত্বাধীন চৰকাৰখন। সমগ্ৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে পশ্চিম মাছখোৱাৰ ৰাইজে। পশ্চিম মাছখোৱাৰ গন্ধীয়াত তিনি ৰাজনৈতিক দ'লে সংবাদ মেল সম্বোধন কৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকে চৰকাৰলৈ আহ্বান জনায় সংবাদ মেলত কয় যে, সমগ্ৰ মাছখোৱা অঞ্চলটোত এটা ৰাজহ চক্ৰ কাৰ্যালয়, বি অ, কাৰ্যালয়, আৰক্ষী থানা, মেডিকেল, ট্ৰেজাৰী কাৰ্যালয়, অঞ্চলটোত স্থাপন কৰি বৃহত্তৰ মাছখোৱা অঞ্চলটো ৰাইজৰ মহৎ উপকাৰ সাধন কৰে যেন। সংবাদ মেলত অগপ, বিজেপি, আৰু গণশক্তি দলে অংশগ্ৰহণ কৰে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post