আজি ভাৰতৰত্ন, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপয়ীৰ জন্মদিন।
এই জন্মদিৱসৰ লগত সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা আৰু মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় যুৱ মৰ্চাৰ ঢকুৱাখনা জিলা আৰু মণ্ডলৰ সহযোগত ঢকুৱাখনাৰ গান্ধী ময়দানস্থিত পেক্ষাগৃহত সুশাসন দিৱস হিচাবে উদযাপন কৰিছে।
ৰাষ্ট্ৰৰ হকে অপৰিসীম অৱদান আগবঢ়োৱাৰ কাৰণে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো সোঁৱৰি তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে স্মৰণ কৰে।
সুশাসন দিৱসৰ লগত সংগতি ৰাখি ঢকুৱাখনাত বাহিৰ কৰে এক মটৰ চাইকেল ৰেলী।
লগতে ছাত্র ছাত্ৰী সকলৰ মাজত ৰচনা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
Tags:
Assam news