হাৰ্হি মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠা আৰু পুথিভঁৰাল শুভ উদ্বোধন শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু।
আজি ঢকুৱাখনাৰ এখন অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত আবেলি উপস্থিত হয়হি অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু।
মহাবিদ্যালয়ত উপস্থিত হোৱা লগে লগে মহাবিদ্যালয় খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্র ছাত্ৰীয়ে আদৰণি জনায়।
ইয়াৰ পিছতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে হাৰ্হি মহাবিদ্যালয়ৰ নৱনিৰ্মিত ডিজিটেল শ্ৰেণী কোঠা আৰু পুথিভঁৰাল শুভ উদ্বোধন কৰে।
মহাবিদ্যালয়ত আয়োজিত সভাত শিক্ষামন্ত্ৰী ৰনোজ পেগুক সম্বৰ্ধনা জনায়। ।
ইফালে মুকলি সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে মহাবিদ্যালয় খনৰ পৰা কিমান জন ছাত্র ছাত্ৰীয়ে অভিযন্তা আৰু চিকিৎসা বিভাগত পঢ়িবলৈ আসন লাভ কৰিছে? কিমানজন ছাত্র ছাত্ৰী সৰ্বভাৰতীয় আৰু অসম লোক সেৱা, তথা টেটত উত্তীৰ্ণ হৈছে এই সন্দৰ্ভত প্ৰকৃত হিচাব নাৰাখি কেৱল স্নাতক ডিগ্ৰী প্ৰমাণ পত্ৰ দিলেই নহব বুলিও কয়।
তদুপৰি তেওঁ নতুন শিক্ষানীৰ্তি সন্দৰ্ভতো উপস্থাপন কৰে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ধেমাজিৰ লগত সংযোগ কৰা ঢকুৱাখনা মহকুমাৰ ৫ খন পঞ্চায়ত আৰু অসমত ইংৰাজী মাধ্যম স্কুল খোলাৰ পোষকতা, অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট আদি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।