Share on Facebook

বঙাইগাঁওৰ যোগীঘোপা মাল্টিমডেল লজিষ্টিক পাৰ্কত *গব্বৰ ৰাজ

 প্ৰায় ১০০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া প্ৰকল্পটোৱে ২লাখ লোকক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব



গব্বৰ আৰু তেওৰ বাহিনীৰ চিণ্ডিকেট ৰাজে নিবনুৱা যুৱক-যুৱতীৰ সপোন ধুলিসাৎ হোৱাৰ শংকা ৰাইজৰ

ভাৰত চৰকাৰৰ ভাৰতমালা আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া উক্ত প্ৰকল্পই দেশৰ প্ৰথমটো মাল্টিমডেল মডেল লজিষ্টিক পাৰ্কে বানিজ্যিক দিশত বহি:ৰাজ্য আৰু বহি:দেশৰ সৈতে নতুন যুগৰ সূচনা কৰিব

 ভাৰত চৰকাৰৰ অভিলাষী প্ৰকল্প মাল্টিমডেল লজিষ্টিক পাৰ্কৰ আৰ্থ ফিলিং কামৰ নামত যোগীঘোপাৰ মজমূল হুছেইন ওৰফে গব্বৰে চলাইছে চিণ্ডিকেট ৰাজ। লজিষ্টিক পাৰ্কৰ নিৰ্মানৰ কাম লাভ কৰা RCP , SP SINGLA আৰু CEC এই তিনিটা বহি:ৰাজ্যৰ  ঠিকাদাৰী সংস্থাই স্থানীয় লোকক উক্ত প্ৰকল্পৰ কামৰ লগত জড়িত কৰিব খুজিলেও গব্বৰ আৰু তেওৰ বাহিনীৰ প্ৰতাপত থমকি ৰব লগা হৈছে। গব্বৰ আৰু তেওৰ  বাহিনীয়ে নিজ খেয়াল খুচিমতে সমগ্ৰ প্ৰকল্পটোৰ সমস্ত কামতে হস্তক্ষেপ কৰি এক বিশাল চিণ্ডিকেট ৰাজ গঢ়ি তোলাৰ অভিযোগ। আনহাতে পাৰ্কখন নিৰ্মানৰ বাবে প্ৰয়োজনীয় ভূমি গব্বৰ আৰু তেওৰ বাহিনীয়ে  যোগীঘোপাৰ বিভিন্ন পাহাৰ, টিলাত  আই উপত্যকা বন সংমণ্ডলৰ শীৰ্ষ বিষয়া কৰ্মচাৰীৰ সৈতে অশুভ বুজাবুজিৰে  অবৈধ খনন চলাই জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।



 উল্লেখ্য যে বহি:ৰাজ্য আৰু বহি:দেশৰ লগত বানিজ্যিক সম্পৰ্কৰ গতি তৰান্বিত কৰাৰ উদ্দেশ্যে ভাৰতমালা আচনিৰ অধীনত প্ৰায় ১০০০ কোটি টকা ব্যয় সাপেক্ষে অশোক কাগজ কলৰ প্ৰায় ২০০ একৰ ভূমিত দেশৰ ভিতৰতে প্ৰথম মাল্টিমডেল মডেল লজিষ্টিক পাৰ্ক বিগত বৰ্ষৰ ২০ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ পথ-পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে উক্ত প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল। উক্ত প্ৰকল্পই প্ৰায় ২ লাখ লোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা ভাৰত চৰকাৰে প্ৰকল্পৰ কাম ৩ বছৰত সম্পন্ন কৰাৰ সময় সীমা নিৰ্ধাৰণ কৰিছিল। কিন্তু গব্বৰ আৰু তেওৰ বাহিনীৰ মইমতালিত এই প্ৰকল্পৰ কাম অহা ৩০ বছৰটো সম্পূৰ্ণ নহয় বুলি অভিযোগ তুলিছে স্থানীয় লোকে। এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে তৎকালীন ভাৱে হস্তক্ষেপ কৰি উক্ত অভিলাষী প্ৰকল্পৰ কাম গতিশীল কৰি নিবনুৱা যুৱক-যুৱতীৰ সপোন পূৰন কৰাৰ লগতে বানিজ্যিক দিশত উত্তৰ-পূৱক গতিশীল কৰি তুলিবলৈ আহ্বান জনায়।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post