তৃতীয় বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলা সফল সামৰণি । সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰানোজ পেগু ডাঙৰীয়া ।
নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে এক বৌদ্ধিক বাতাবৰণ সৃষ্টি লক্ষ্যৰে যোৱা ২০ডিচেম্বৰ পৰা অনুষ্ঠিত কৰা হৈছিল তৃতীয় ঢকুৱাখনা গ্ৰন্থমেলা
-২০২১ ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা ২৫-ডিচেম্বৰত সফলতাৰে সামৰণি পৰে ঢকুৱাখনা তৃতীয় গ্ৰন্থমেলাৰ।
সাংস্কৃতিক অনুষ্ঠানত ঢকুৱাখনৰ গ্ৰন্থ মেলাত আহি উপস্থিত হয়হি অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰানোজ পেগু।
উপস্থিত হোৱাৰ পিছতে আয়োজক সমিতিয়ে মুগা গামোচা, চেলেং আৰু সফুৰাই উষ্ম আদৰণি জনাই শিক্ষা মন্ত্ৰী জনক।
শিক্ষা মন্ত্ৰী জনে নৱপ্ৰজন্মক গ্ৰন্থ পঢ়াৰ প্ৰতি আকৰ্ষিত হ'বলৈ পৰামৰ্শ দিয়ে।
লগতে গ্ৰন্থমেলা বিপনীত গ্ৰন্থৰ সুবাস লোৱাৰ লগতে পৰা গ্ৰন্থৰ বিপনীসমূহৰ ব্যৱসায়ীসকলৰ লগত মত বিনিময় কৰে।
নিশালৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে জীপাল হৈ পৰে।