ব্ৰহ্মপুত্ৰ
চাপৰিৰ প্ৰাকৃতিক মনোমহা পৰিৱেশৰ মাজত এখন ৰিজৰ্ট নাম লেট-কেট।
ৰিজৰ্ট
খুলি স্বাবলম্বীতাৰ নিদৰ্শন মাজুলীৰ এজন শিক্ষিত যুৱকৰ ।
কৰ্ম সংস্থাপন বিছাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে সত্ৰ নগৰী মাজুলী লাচোন মিচিং গাৱঁৰ টুটু পাংগিং নামৰ শিক্ষিত যুৱক জনে চৰকাৰী চাকৰি পিছত দৌৰ নামাৰি কৰ্ম সংস্থাপন বিছাৰি বহিঃৰাজ্যলৈ ঢাপলি নেমেলি নিজৰ জন্ম ভূমি মাজুলী লাচোন মিচিং গাৱঁৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত লেট-কেট নামৰ এখন ৰিজৰ্ট খুলি স্বাবলম্বী তাৰ নিদৰ্শন দাঙি ধৰিছে।
আজিৰ বহু শিক্ষিত যুৱক কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি নেমেলে তাৰেই উৎকৃষ্ট উদাহণ হ'ল মাজুলীৰ টুটু পাংগিং।
ৰিজৰ্ট খুলি নিজেই স্বাবলম্বী হোৱাৰ লগতে আন ৫০ জন নিৱনুৱা যুৱককো সংস্থাপনৰ বাট মুকলাই দিছে মাজুলীৰ টুটু পাংগিঙে।
ভৱিষ্যতৰ দিনত ব্ৰহ্মপুত্ৰ চাপৰিত বিভিন্ন খেতি, বইলাৰ ফাৰ্ম, কুকুৰা ফাৰ্ম, ছাগলী ফাৰ্ম , গাহৰি ফাৰ্ম খুলি আৰু ৫০ টা পৰিয়ালৰ লগতে বহু নিৱনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ হেপাঁহ পুহি ৰাখিছে টুটু পাংগিঙে।
ব্ৰহ্মপুত্ৰৰ নান্দনিক পৰিৱেশৰ মাজত সাজি উলিওৱা ৰিজৰ্ত খনলৈ আগন্তক নৱবৰ্ষত সকলোকোৱে আহি সোৱাদ লব পাৰিব থলুৱা খাদ্য সম্ভাৰৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ।
চাৰিওফালে সেউজীয়া মাজত অৱস্থিত এই ৰিজৰ্ট খন ।
চৰকাৰী চাকৰি পিছত দৌৰ নমৰা ব্যৱসায়ৰ যোগেদি স্বাবলম্বীতাৰ নিদৰ্শন দেখুওৱা মাজুলীৰ টুটু পাংগিং হৈ পৰক আনৰ বাবে প্ৰেৰনাৰ উৎস।