মাজুলীত উপস্থিত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা। নিমাতী ফেৰী ঘাটেদি কমলাবাৰী ফেৰী ঘাটত উপস্থিত। মাজুলী বিজেপিৰ উস্ম আদৰনি মন্ত্ৰী গৰাকীক। মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলাব মন্ত্ৰী পিযুষ হাজৰিকাই। ভুৱন গাম জিকিবই। মাজুলীত কোনো বিৰোধী নাই। মই কিছুমান কথা নকও মাজুলী ৰাইজে সিদ্ধান্ত লবঃ মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য। মাজুলীত ভোট বহাবৰ বাবে আহিছে পিযুষ হাজৰিকা। যোৰহাটৰ পৰা মাজুলীলৈ দলঙেৰে আহিব এইয়াই পৰিবৰ্তন। পিযুষ হাজৰিকাৰ মতে অভিযোগ কোনো ডাঙৰ কথা নহয়। আগতে ৰাস্তা পথ কেনেকোৱা আছিল আৰু আজি ৰাস্তা পথ কেনেকোৱা হল সেইতো ডাঙৰ কথা। আগতে জলসম্পদ বিভাগে কিমান টকা দিছিল বৰ্তমান কিমান টকা দিছে । অতি কমেও ৫০ হাজাৰ ভোটত জিকিব মাজুলীৰ প্ৰাৰ্থী গৰাকী। মাজুলীৰ বাবে ৩৪০ কোটি টকা মুকোলাই দিছে ৰাজ্যৰ চৰকাৰে। পৰবৰ্তী সময়ত আৰু টকা মোকলাই দিব মাজুলীৰ বাবে। বহু গুৰুত্বপুৰ্ণ মন্তব্য মন্ত্ৰী গৰাকীৰ।