মিচিং আগম কেবাঙৰ ( সাহিত্য সভা) উদ্যোগত আৰু TMPK সহ চাৰিটা মিচিং জাতীয় সংগঠনৰ সহযোগত জোনাইতো আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন ৷
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা কৰি আহিছে । সোমবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিচিং আগম কেবাঙৰ উদ্যোগত লগতে TMPK সহ পাছটা মিচিং জাতীয় সংগঠন জ’নাই জিলা সমিতিৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰে ৷
১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৫২ চনৰ এই দিনতে বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলিবৰ্ষণ কৰাত কেইবাজনো যুৱক ছহিদ হয়। এই দিনটোক বাংলাদেশত ছহিদ দিৱস হিচাপেও পালন কৰা হয়। কাৰ্যসূচী মৰ্মে পূৱা মিচিং আগম কেবাঙৰ জাতীয় পতাকা উত্তোলন কৰে মিচিং আগম কেবাঙ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন্দ টাইদে । ইয়াৰ পিছতে মিচিং সকলৰ স্বহীদ হোৱা বোৰক মিচিং আগম কেবাঙ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰবিন পাতিৰৰ তত্বাৱধানত প্ৰণাম জনায় ।
আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু বিলুপ্তিৰ আশাংকাত ভোগা মিচিং ভাষা"" শীৰ্ষক বিষয়ৰ ওপৰত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাৱ পাৱই কয় ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দী ভাষা ব্যৱহাৰ কৰক, অসমৰ মাতৃভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰক কিন্তু নিজস্ব জাতীয় ভাষা হিচাপে ব্যৱহাৰ কৰা মিচিং ভাষাকো ব্যৱহাৰ কৰা অন্তত্য প্ৰয়োজন বুলি ভাষন প্ৰদান কৰে ।
লগতে মুকলি সভাত মিচিং আগম কেবাঙ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন্দ টাইদে সভাপতিত্ব কৰা সভাত উদ্ধোধনী ভাষণ প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজু মেদকে ।
উক্ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং বানে কেবাঙৰ সভাপতি পৰমান্দদ চায়েঙীয়া, ITSS ৰ নেতা কমলাকান্ত মুছাহাৰী, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক কুমাৰ দলে, মিচিং মিমাগ কেবাঙৰ সভাপতি সুনীল পেগু, TMPK ৰ সভাপতি ৰাজকুমাৰ মৰাংৰ লগতে বহু বিষয় ববীয়াই উপস্থিত থাকে ।