গহপুৰ সমষ্টিৰ টেটুনবাৰীত উন্নয়ন মূখ নেদেখা এখন অঞ্চল । এখন পকী দলঙৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ।
ৱাৰ্ড সদস্যৰ বিৰোদ্ধে ঘৰ দিয়াৰ নামত পোন্ধৰ হাজাৰ টকা বিচৰাৰ অভিযোগ।
স্বাধীনতাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো এখন ভগা পকী দলঙৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে গহপুৰৰ টেটুনবাৰীৰ টেটুন পুখুৰী বাসী ৰাইজে। বছৰ বছৰ ধৰি উন্নয়নৰ মূখ নেদেখা অঞ্চলবাসীয়ে পৰিবৰ্তনকামী চৰকাৰৰ পৰা এক নতুন দিগন্ত সূচনা হব বুলি আশা কৰিছিল যদিও ই ধোঁৱা চাঙত। টেটোনবাৰী চেন্টাৰৰ পৰা মাথোঁ এশ মিটাৰ দূৰৈত থকা পকী দলঙটো কেইবা বছৰ পূৰ্বে ভাঙি গৈছিল যদিও আজিকোপতি পুনৰ নিৰ্মাণ নহল। গাওঁ খনত কোনো বাট পথ, অনাময়, কিম্বা আৱাস গৃহ যোজনাই ও ঢুকি পোৱা নাই। বৰঞ্চ গৃহ নিৰ্মাণৰ নামত ধন বিচৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এখন পকী দলঙৰ অভাৱত অঞ্চলটোত বাৰিষাৰ সময়ত বেমাৰ আজাৰ হলে ৰোগীক সাঙি বান্ধি নিব লগীয়া পৰিবেশৰ সৃষ্টি হোৱাৰ ওপৰিও কণ কণ ছাত্ৰ ছাত্ৰী বিদ্যালয় লৈ যোৱাৰ পৰা বঞ্চিত হয় । এই বিষয়ে স্থানীয় জনপ্ৰতিনিধি উৎপল বৰাক বাৰে বাৰে অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই। যাৰ পৰিপেক্ষিতত এনেদৰে অঞ্চলটোৰ ৰাইজে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ দি দলঙৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে।