বিহালীৰ বৰাজুলীত বাঘ খেদিবলৈ যোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধ গলিত অবস্থাত মৃতদেহ উদ্ধাৰ।
বিহালীৰ বিভিন্ন স্থানত এতিয়াও বাঘৰ আতংক অব্যাহত আছে। কিন্তু তাৰ মাজতে বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহালীত। মঙলবাৰে এখন ব্যক্তিগত চাহ বাগিছাত উদ্ধাৰ হৈছে এই মৃতদেহটো । জানিব পৰা মতে লোক জনে ২০ দিনমান পূৰ্বে বিহালীৰ বৰাজুলী গাৱঁত বাঘে আতংকিত পৰিবেশৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত নিজৰ পৰিয়ালক ঘৰৰ ভিতৰত থাকিবলৈ দি বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হৈছিল লোকজন পৰবৰ্তী সময়ত লোক জনক পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি আত্মীয় স্বজনক খবৰ লোৱাৰ পাছতো সন্ধান পোৱা নাছিল। কিন্তু আজি হঠাৎ নিৰুদ্দেশ হোৱা লোকজনৰ এখন চাহ বাগিছাৰ মাজত অৰ্ধ গলিত অবস্থাত মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈ সমগ্ৰ বিহালীত।মৃতদেহটো মুণ্ড বিহীন ভাবে বাগিচাখনত অৰ্ধ গলিত অবস্থাত উদ্ধাৰ হোৱাত আৰু আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বিহালীত বহু দিনৰ পৰাই বাঘে পশু ধন আক্ৰমণ কৰি আহিছিল যদিও আজিকোপতি বন বিভাগৰ লোকে পিঞ্জৰাবদ্ধ কৰাত বিফল হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰিছে। লোক জনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ অনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিহালী আৰক্ষীয়ে যদিও স্থানীয় ৰাইজৰ মতে বাঘে আক্ৰমণ কৰি এই লোকজনক হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে।