জোনাইৰ নাহৰ দেতাক গাঁৱৰ মুৰং প্ৰাংগনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত নাহৰ দেতাক গাঁৱৰ মুৰং প্ৰাংগনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান । নাহৰ দেতাক গাঁৱৰ প্ৰতিটো পৰিয়ালৰ জী সকলে অসমৰ বিভিন্ন প্ৰান্তত বিবাহ হোৱা দেখা যায় । কিন্তু গাঁৱ খনৰ জী-জোৱাই সকলক একেলগে দেখা নোপোৱাত এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলি সদৰি কৰে আহ্বায়ক সমিতিয়ে । সম্পৰ্কক অধিক শক্তিশালী আৰু সম্বন্ধয় ৰক্ষাৰ বাবে অনুষ্ঠিত কৰা সভাত নাহৰ দেতাক গাঁৱৰ প্ৰতিজন জী সকলক একোখনকৈ গেৰ্ আৰু জোৱাই সকলক এখনকৈ মিচিং গালুকেৰে সম্বৰ্ধনা জনোৱাৰ লগতে একেলগে এসাঁজ খাদ্য গ্ৰহণ কৰে ।
Tags:
Art & culture