গহপুৰৰ টকৌবাৰীৰ অন কেমেৰা ডাম্পাৰ চুৰি
গহপুৰ মহকুমাত সক্ৰিয় হৈ পৰিছে বৃহৎ চুৰি চক্ৰ। সংঘটিত এটাৰ পাছত আনটো চুৰি কাৰ্য । ২৫ ফেব্ৰুৱাৰী নিশা গহপুৰ মহকুমাৰ টকৌবাৰী স্হিত ইণ্ডিয়ান অইলৰ হেলেম চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোৰ চৌহদৰ পৰা এখন ডাম্পাৰ চুৰি হয় । উল্লেখ যে , ডিপোটোৰ মালিক ক্ষিৰোদ ভূঞাৰ AS07C-7277 নম্বৰৰ ডাম্পাৰখন নিশা ডিপোটোৰ চৌহদত ৰখাই থোৱা আছিল। তাৰ পৰাই নিশা ডাম্পাৰ খন চুৰি কৰি নিয়ে । চিচি টিভিত আৱদ্ধ হয় চুৰিৰ সম্পূৰ্ণ দৃশ্য । ভিডিঅ' ফুটেজ অনুসৰি নিশা প্ৰায় ১ বজাত ডাম্পাৰ খনৰ ভিতৰত দুজন যুৱক প্ৰৱেশ কৰি নিশা ১-১২ বজাত ডাম্পাৰখন চলাই ৰাষ্ট্ৰীয় ঘাইপথৰে পুৱ দিশলৈ লৈ যায়।ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও ডাম্পাৰৰ কোনো শুংসূত্ৰ ওলিয়াব পৰা নাই ।
Tags:
Assam news