মাজুলী উলুৱনি চেলেক গাওঁ মিচিং জনগোষ্ঠীয় লোকসকলৰ পঃৰাগ উৎসৱ উদযাপন
পঃৰাগ উৎসৱক লৈ উলুৱনি চেলেক মিচিং গাঁৱত উদুলি-মুদুলি পৰিৱেশ।
কৃষিজীৱি মিচিংসকলে প্ৰধানকৈ আহু,শালি,বাও,সৰিয়হ মাহ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে ৷
লাহে লাহে বাৰিষাৰ পানী শুকায়,বাটে পোৱালি মেলে,বতৰ ফৰকাল হৈ খৰালিৰ আগমণ ঘটে৷ খেতি চপাই নৰাছিগি শেষ হোৱাৰ পিছত বাম খেতি আৰম্ভ হোৱাৰ আগতেই আজৰি সময়ত মিচিংসকলে অনুষ্ঠিত কৰে তেওঁলোকৰ পঃৰাগ উৎসৱ ৷
মাজুলী উলুৱনি চেলেক মিচিং গাঁৱত আজিৰেপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ১৩ তম্ পঃৰাগ উৎসৱ ৷
Tags:
Art & culture