Homepolitics উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মাজুলীত উপস্থিত মিচিং অট নমাচ কাউনচিলৰ চীফ পৰামানন্দ চাৰীঙ্গীয়া.. byMISING LUTAD (NEWS) •February 27, 2022 0 উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মাজুলীত উপস্থিত মিচিং অট নমাচ কাউনচিলৰ চীফ পৰামানন্দ চাৰীঙ্গীয়া..মাজুলীত এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ বলিছে । উপ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভীৰ কৰিছেহি মাজুলীত । আজি মাজুলীত উপস্থিত হয় মিচিং অট নমাচ কাউনচিলৰ চীফ পৰামনন্দ চাৰিঙ্গীয়া, ই. ম পুৰুষোত্তম দলে, উমা পাটুৰী, জি,এম নীল দলে, জি এম ত্রৈল্যোকে পামে গাম ডাঙৰীয়াই । বিজেপি মিত্র জোটৰ প্রাথী ভুবন গামৰ হৈ প্ৰচাৰ চলায় । মিচিং অট নমাচ কাউনচিলৰ চীফ গৰাকীয়ে কয় ভুবন গাম ডাঙৰীয়া জিকাটো ১০০ শতাংশ নিশ্চিত কিয়নো মাজুলীৰ ৰাইজে এতিয়া ভাষণ নুশুনে একচন বিচাৰে আৰু এই একচন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৰি আছে বুলি কয় । চিত্তৰঞ্জন বসুমতাৰীয়ে একেবাৰে নগন্য সংখ্যক ভোট পাব বুলি কয় মিচিং অট নমাচ কাউনচিলৰ চীফ গৰাকীয়ে। Tags: politics Facebook Twitter