জোনাইৰ ৰোৱাদ গাঁৱত ভয়ঙ্কৰ অগ্নি কাণ্ড।
যোৱা নিশা প্ৰায় 9:30 বজাত জোনাইৰ ৰোৱাদ গাঁৱৰ লক্ষ্ণীনাথ কুলি নামৰ ব্যক্তিৰ বাসগৃহত পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়। জানিব পৰামতে নিশা পাকঘৰত আহাৰ গ্ৰহণ কৰি বিচনাত শুভলৈ লওঁতে গেছ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ জুইৰ সুত্ৰপাত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। গাঁৱৰ ৰাইজে জুই নুমাবলৈ আপ্ৰাণ চেষ্টা কৰিও জূই নোমাবলৈ সক্ষম নোহোৱাত জোনাই অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰে যদিও আগ্নিনিৰ্বাপক বাহিনীয়ে বহু পলমকৈ উপস্থিত হয় বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে। জুইত মূল্যৱান আ-অলঙ্কাৰৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰৰ উপৰিও প্ৰায় ৮ লক্ষ্যাধিক সা-সম্পত্তি জাহ যায় বুলি জানিবলৈ দিছে।
Tags:
Assam news