Share on Facebook

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক ডিব্ৰুগড় বাৰ্ষিক অধিৱেশন ত লাখ লাখ লোকৰ লোকে লোকাৰণ্য : আৰক্ষী ,সেৱাবাহিনী ৰ চোকা পহৰা।

 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক ডিব্ৰুগড় বাৰ্ষিক অধিৱেশন ত লাখ লাখ লোকৰ লোকে  লোকাৰণ্য :আৰক্ষী ,সেৱাবাহিনী ৰ চোকা পহৰা।



শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনটোত লাখ লাখ লোকে লোকাৰণ্য হৈ পৰিছে।

     প্রাপ্ত বাতৰি মতে আজি ৰাতিপুৱা ৫বজাত পৰিৱেশ নিকাকৰণ , ৫.৩০মিনিট ত প্ৰাতঃ প্ৰসংগঃ ,৭ বজাত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইয়াৰ পিছতেই প্ৰতিনিধি সভাকক্ষ ত পদাধিকাৰ কমলাকান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হয় শৰণ সমিতিৰ বৈঠক ।ইয়াৰ পিছত পুৱা ৯বজাত পদাধিকাৰ কমলাকান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হয় জিলা সভাপতি ,সম্পাদক সন্মিলন আৰু দিনৰ ১১বজাত মূল মঞ্চত সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱা ৰ সঞ্চালনাত অনুষ্ঠিত হয় সাহিত্য শাখা সমিতিৰ অধিৱেশন ।সভাখন উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া শৈক্ষিক পঞ্জীয়ক ডঃ বিনোদ চন্দ্ৰ বৰাই । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে বৰণ্য সাহিত্যিক ডঃ নগেন শইকীয়া, মেঘালয়ৰ নেহু প্রাধাপক বৈষ্ণৱ সাহিত্যৰ বিশিষ্ট গৱেষক অধ্যাপক দীনেশ কুমাৰ চৌবে ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ লীলাকান্ত নাথ ,বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী ,ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত ।বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কলিকতাৰ বিশিষ্ট সাংবাদিক প্ৰিয়া বেনাৰ্জী ,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ মৃণাল কুমাৰ বৰা ,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,বিশিষ্ট নিবন্ধকাৰ সমালোচক ডঃ প্ৰদ্যুম্ন গোস্বামী ,মহাৰাষ্ট্ৰ ৰাজ্য ৰ বিশিষ্ট পণ্ডিত নাথু ভাই ,গুজৰাট ৰাজ্য ৰ বিশিষ্ট গৱেষক পণ্ডিত ডঃ গৌতম পেটেল,নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্রাপ্ত উপাধ্যক্ষ শুভন চন্দ্ৰ শইকীয়া আদিয়ে। ইফালে উক্ত সভাত বিভিন্ন শিতানত বঁটা প্ৰাপক আৰু বিশ্ববিদ্যালয়ৰ হিতৈশি সদস্য সকলক সম্বৰ্ধনা জনায় ক্ৰমে  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোকৰাঝাৰ জিলাৰ মূলৰ সদস্য(কেন্দ্ৰীয় সমিতি) নিৰেন চন্দ্ৰ ৰায়, সংঘৰ বঙাইগাঁও জিলা শাখাৰ প্ৰচাৰ সম্পাদক প্ৰফুল্ল কুমাৰ দাস আদি। ইয়াৰ পিছতেই সংস্কৃতি শাখা সমিতিৰ সভাপতি ডঃ সুৰেশ চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হয় সংস্কৃতি শাখা সমিতিৰ অধিৱেশন ।উক্ত সভাখন উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডঃ অশোক কুমাৰ বৰাই আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ,সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,তেজপুৰ বিশ্ববিদ্যালয়ৰ বীৰেন দাস,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ জিতেন হাজৰিকা , আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা আৰু বিষ্ণু খাৰখৰিয়া,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক হৰিচৰণ ভূঞা বৰবায়ন ,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৰ সচিব সুদৰ্শন ঠাকুৰ ,বিধায়ক বিনোদ হাজৰিকা, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ ,বিধায়ক প্ৰশান্ত ফুকন,বিধায়ক পোনাকণ বৰুৱা ,বিধায়ক চক্ৰধৰ গগৈ,উৰিষ্যা ৰাজ্যৰ বিশিষ্ট গৱেষক বাণীভূষণ মিশ্ৰ আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ জগত চন্দ্ৰ কলিতা  আদিয়ে। সন্ধিয়া ৫বজাত সমূহীয়া প্ৰাৰ্থনা ।সন্ধিয়া ৫.৩০বজাত নাটঘৰ ত অনুষ্ঠিত হয় অংকীয়া নাট প্ৰদৰ্শন ,উদ্বোধন কৰে শংকৰী সংগীত ৰ বিশিষ্ট সাধক অজিত বৰা । সন্ধিয়া ৬.৩০ বজাত পদাধিকাৰ কমলাকান্ত গগৈৰ সঞ্চালনাত প্ৰতিনিধি সভাকক্ষত অনুষ্ঠিত হয় প্ৰতিনিধি সভা,উক্ত প্ৰতিনিধি সভাখন উদ্বোধন কৰে সংঘৰ উপ -পদাধিকাৰ বসুন্ধৰ ডেকাই । আদৰণী ভাষণ দিয়ে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তৰঙ্গ গগৈ ,বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সংঘৰ যুটীয়া সম্পাদক অজিত দাসে ।তাৰ পিছত মূলমঞ্চত অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ ।উক্ত সমাৰোহ উদ্বোধন কৰে জ্যোতিচিত্ৰবন ৰ অধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী বিদ্যাসাগৰ ,অতিথি শিল্পী হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কণ্ঠশিল্পী ক্ৰমে ৰূপম কাকতি,বিপিন চাওদাং,ৰিমজিম ৰিমা আদিয়ে। ইফালে অহাকালি বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু ভাগৱত ভ্ৰমণ লগতে অনুষ্ঠিত হবলগীয়া মুকলি সভাখনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post