আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আপোচ নকৰো। এ.আই.ইউ.ডি.এফৰ লগত বিজেপিৰ হে ভিতৰি ভিতৰি গোপন বুজা বুজি আছে এই মন্তব্য লুৰিণজ্যোতি গগৈৰ।
চিত্ত ৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীলৈ আহিছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ ৰথী মহাৰথী ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, আৰু সাংসদ ৰাণী নৰহ।
ভাষণত বিজেপি প্ৰাৰ্থী ভুৱন গামক তুলা-ধূনা চিত্ত ৰঞ্জন বসুমতাৰীৰ।
মই মাজুলীৰ সেৱা কৰিবলৈ আহিছো। মোৰ হাতত ধন বল , মাটি বাৰী একো নাই কিন্তু মোৰ লগত মাজুলী বাসী ৰাইজ আছে, মাজুলী বাসী ৰাইজৰ আৰ্শীবাদ আছে। মই মাজুলী বাসীৰ ৰাইজৰ সাহস , আৰু আৰ্শীবাদত মাজুলীৰ সেৱা কৰিবলৈ আহিছো এই গুৰুত্বপূৰ্ণ মন্তব্য চিত্তৰঞ্জন বসুমতাৰীৰ।
নিৰ্বাচনী প্ৰচাৰ সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে শাসনাধীন বিজেপি চৰকাৰ খনক কঠোৰ ভাষাৰে সমালোচনা কৰে।
মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গামক ভূ-মাফিয়া, দূৰ্নীতিৰ সদাগৰ আখ্যা জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। ভাষনত গগৈ কয়
আমি কোনো দিনে বদৰুদ্দিন আজমলৰ লগত মিতিৰালি নকৰো বদৰুদ্দিন আজমলক কোনো দিন নিবিছাৰো। হিমন্ত বিশ্ব শৰ্মাইহে ভিতৰি ভিতিৰি মিতিৰালি কৰি আছে বদৰুদ্দিন আজমলৰ লগত ৷
বিজেপি চৰকাৰ খনে কেৱল শোষনৰ ৰাজনীতি কৰিছে , পতাৰনাৰ ৰাজনীতি কৰিছে বুলি মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ৰাজ্য সভাৰ সাংসদ ৰাণী নৰহেও ক্ষোৰধাৰ সমালোচনা কৰে বিজেপি চৰকাৰৰ লগতে মাজুলী উপ নিৰ্বাচন বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভুৱন গামক।