জোনাইৰ ১ নং চিৰাম গাঁৱত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলতে এতিয়া অনুষ্ঠিত হৈছে জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান । সেইদৰে ১ নং চিৰাম গাঁৱতো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান । ১ নং চিৰাম গাঁৱৰ পেগু বংশৰ জী সকলে অসমৰ বিভিন্ন প্ৰান্তত বিবাহ হোৱা দেখা যায় । কিন্তো পৰিয়ালৰ জী-জোৱাই সকলক একেলগে দেখা নোপোৱাত এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলি সদৰি কৰে উৎযাপন সমিতিয়ে ।
সম্পৰ্কক অধিক শক্তিশালী আৰু সম্বন্ধয় ৰক্ষাৰ বাবে অনুষ্ঠিত কৰা সভাত পেগু বংশৰ প্ৰতিজন বয়োজেস্ঠ লোকসকলক এখন মিচিং গালুক আৰু মিচিং মাপলাৰেৰে সম্বৰ্ধনা জনোৱাৰ লগতে একেলগে এসাঁজ খাদ্য গ্ৰহণ কৰে ।
Tags:
Art & culture