শিৱৰাত্ৰি পূজা অৰ্চনা চলি থকাৰ মাজতে গোগামুখত ভয়ংকৰ অগ্নিকাণ্ড
জুইত জাহ গ'ল এটা বাসগৃহ ।
গোগামুখ তাজিক গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড ।
দিপক ডেকা নামৰ লোকজনৰ বাসগৃহ ভস্মীভূত ।
চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড । শিৱৰাত্ৰি পূজা অৰ্চনা কৰিবলৈ গৈছিল পৰিয়ালটোৱে,,। পৰিয়ালটোৰ একমাত্ৰ কন্যাৰ এডমিড কাৰ্ড জুইত জাহ গ'ল ।
পৰিয়ালটোৰ কন্যা গৰাকীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হবৰ বাবে প্ৰস্তুতি চলোৱা কিতাপ পত্ৰ সকলো খিনি জুইৰ লেনিহাই ভস্ম কৰি পেলালে কোনো ধৰনৰ সম্পত্তি বচাব নোৱাৰিলে পৰিয়ালটোৱে ।
নিৰূপায় পৰিয়ালটোৰ হিয়াভঙা কান্দোনৰ সাক্ষী হৈ ৰল বহু লোক।
অগ্নিনিৰ্বাপন বাহিনীৰ দ্বাৰা জুই নিৰ্বাপন হয় যদিও সম্পূৰ্ণ ৰূপে জুইত জাহ গ'ল বাসগৃহটো।
গোগামুখৰ পৰা প্ৰসেনজিত চায়েঙীয়াৰ ৰিপৰ্ট মিচিং লুতাদ।
Tags:
Accident-medical