HomeArt & culture গহপুৰৰ অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ হোলঙ্গীত আয়োজন কৰা হৈছে নিচি জনগোষ্ঠীৰ ইয়োকুম উৎসৱ। byMISING LUTAD (NEWS) •February 18, 2022 0 গহপুৰৰ অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ হোলঙ্গীত আয়োজন কৰা হৈছে নিচি জনগোষ্ঠীৰ ইয়োকুম উৎসৱ।অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাঙৰ দৰেই অৰুনাচল প্ৰদেশৰ নিচি জনগোষ্ঠীয় লোক সকলে উদযাপন কৰে কৃষিভিত্তিক ইয়োকুম উৎসৱ। গহপুৰৰ অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ হোলঙ্গীত আয়োজন কৰা হৈছে নিচি জনগোষ্ঠীৰ ইয়োকুম উৎসৱ। অৰুনাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ হোলঙ্গীত ১৯ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব লগা ইয়োকুম ফেষ্টিভেলক লৈ আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে। মুলত দঞি পল' অৰ্থাৎ চন্দ্ৰ-সূৰ্য দেৱতাক পুজা কৰাৰ লগতে পুৰ্বজ সকলক স্মৰণ কৰি কৃষিকৰ্ম আৰম্ভ কৰাৰ নিমিৰ্ত্তে নিচি জনগোষ্ঠীৰ লোকসকলে ইয়োকুম উৎসৱ উদযাপন কৰে ইয়োকুম উৎসৱ। ৮দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা উক্ত উৎসৱৰ বাৰে 'নামলো' ঘৰৰ লগতে বিভিন্ন মণ্ডপ তৈয়াৰ কৰি আছে আয়োজক সমিতিয়ে। ইয়াৰ উপৰিও চুবুৰীয়া ৰাজ্য দুখনৰ সংস্কৃতিৰ আদান প্ৰদানেৰে ভাতৃত্ববোধ, একতাৰ বান্ধোন সুদৃঢ় কৰাৰ প্ৰচেষ্টাও কৰি আহিছে ইয়োকুম উৎসৱ উদযাপনৰ জৰিয়তে। Tags: Art & culture Arunachal-news Facebook Twitter