ধেমাজিৰ কনমানি APPUN PEGUৱে ZEE TVৰ DANCE ৰিয়েলিটি SHOW "Dance
india Dance" ত নিজৰ প্ৰতিভা দেখুৱাই TOP 15লৈ নিৰ্বাচিত হয় অসমলৈ গৌৰৱ
কঢ়িয়াই আনিছে ।
মনৰ ইচ্ছা থাকিলে কোনো বাধাই প্ৰাচীৰ হব নোৱাৰে তাকেই প্ৰমাণ কৰিলে ধেমাজিৰ গোগামুখৰ আপ্পুন পেগুৱে৷
হাৰ্টৰ অসুখত ভূগিও ধেমাজি জিলাৰ ৮ বছৰীয়া কনমানি আপ্পুন পেগুৱে Zee TV ৰ ৰাষ্ট্ৰীয় শ্ব ডান্স ইণ্ডিয়া ডান্সৰ লিটিল মাষ্টাৰ্চৰ Top 15 লৈ নিৰ্বাচিত হৈছে|
গোগামুখ মহৰিকেম্পৰ আপ্পুন পেগুৰ এই নৃত্য যাত্ৰাৰ মূল সংগী হৈছে আপ্পুনে পেগুৱে ককা বুলি সম্বোধন কৰা গাৱঁৰে এজন বয়োজেষ্ঠ্য ব্যক্তিয়ে৷ বৰ্তমান আপ্পুন পেগু মোম্বাইত ব্যস্ত শ্বটোৰ বাবে । কনমানি আপ্পুনৰ নৃত্যই এতিয়া ৰিয়েলিটি শ্বটোৰ বিচাৰক দৰ্শক সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে৷ আপ্পুনৰ এই যাত্ৰা আৰু আগুৱাই যাওক তাকে আমি কামনা কৰিছো । আপ্পুনৰ নৃত্যই যেনেদৰে সকলোৰে হৃদয় জিনিছে তেনেদৰে আপ্পুনৰ স্বাস্থ্যই সুস্থ হয় থক তাকে ভগৱানৰ ওচৰত কৰিছো প্ৰাৰ্থনা৷