ভুৱন গামেই হ'ল সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী
মাজুলী উপ নিৰ্বাচনৰ বিজয় মুকুট ভুৱন গামৰ শিৰত
মূল প্ৰতিদ্বন্দী চিত্তৰঞ্জন বসুমতাৰীক ৪১,৫০০ ভোটৰ ব্যৱধানত পৰাজিত কৰিলে গামে
ভুৱন গামৰ বিজয়ৰ পাছতে বিজয় উল্লাহ বিজেপি কৰ্মীৰ
আজি অনুষ্ঠিত হোৱা মাজুলী বিধান সভা (সংৰক্ষিত) সমষ্টিৰ ভোট গণনাৰ অন্তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। গামৰ বিজয়ৰ পাছতে ব্যাপক আনন্দ উল্লাহ পৰিলক্ষিত হৈছে মাজুলীত। উল্লেখযোগ্য যে গামৰ মূল প্ৰতিদ্বন্দী আছিল অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।