জোনাইৰ এজন ব্যক্তি আৰু এটা পৰিয়ালৰ কৰুণ কাহিনী I
মোৰ আপোনাৰ দৰে তেওঁৰো আছে বহুতো সপোন I আনৰ দৰে গাড়ী, মটৰ, বাংলা নহলেও খেতি বাতি কৰি পত্নী , পুত্ৰ আৰু পুত্ৰীৰ সৈতে পাৰ কৰিছিল সুখৰ জীৱন I কিন্তু হঠাৎ জীৱনক পোহৰাই গাঁৱৰ লোকৰ সৈতে একেলগে বাস কৰা দেৱৰাজ কুটুমৰ জীৱনলৈ নামি আহিল
ঘোৰ অন্ধকাৰ I জীৱনৰ মাজ বাটতে মৰহি গ'ল ফুলিব ধৰা সপোনবোৰ I হয়, ধেমাজি জিলাৰ জোনাই মহকুমা লাইমেকুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং মাজুলীপুৰৰ
দেৱৰাজ কুটুমৰ জীৱনলৈ নামি আহিছে এক বিষাদ অন্ধকাৰ I পত্নী, পুত্ৰ আৰু পুত্ৰীৰ সৈতে দেৱৰাজ কুটুমে পাৰ কৰিছিল সুখৰ জীৱন I কিন্তু হঠাৎ
তেওঁৰ জীৱনলৈ নামি আহিল অমানিশা I দুবছৰ পূৰ্বে পেৰেলাইছ আৰু পেছাৰ ৰোগত ভোগা ব্যক্তিজন বৰ্তমান চকুৰে একো মনিব নোৱাৰে I কোনোমতে উপাৰ্জন কৰি পৰিয়াল পোহ পাল দিয়া ঘৰৰ একমাত্ৰ
উপাৰ্জনকাৰীৰ এনে অৱস্থাত হতাশ হৈ পৰিছে পৰিয়াল বৰ্গ তথা ৰাইজ I
সৰ্বস্বান্ত ব্যক্তিৰ জীৱনত পোহৰাই তুলিবলৈ কাতৰ অনুৰোধ
কৰিছে অসম চৰকাৰ তথা হৃদয়বান লোকলৈ I একেই অনুৰোধ
পত্নী তথা ওচৰ চুবুৰীয়াৰ I
যদিহে কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া ব্যক্তিজনক সহায় কৰিব বিছাৰে তেন্তে তেওঁৰ পত্নী কল্পনা দলেৰ IDIB লাইমেকুৰী শাখাৰ একাউণ্ট নং 59064022944 আৰু IFSC IDIB000L511 সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ
জনাইছে পৰিয়ালৰ লোকে I তদুপৰি 9707593243 নাম্বাৰত যোগাযোগ
কৰিব পাৰিব সদাশয় ব্যক্তিয়ে I