মাজুলীত মুখ্যমন্ত্ৰীৰ মাৰথান প্ৰচাৰ ।
ভুৱন গামৰ হৈ মাজুলীৰ দুৰ্গম স্থানত মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰ ।
আঁহতগুৰি, দক্ষিণ আঁহতগুৰি, শ্ৰী লোহিত, কৰতিপাৰ পঞ্চায়তৰ পাঁচতাকৈ দুৰ্গম চৰ-চাপৰিত হেলিকপ্তাৰেৰে বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ভূবন গামৰ হৈ মাৰাথান প্ৰচাৰ চলায় । পুৱা দহ বজাত দক্ষিণ আঁহতগুৰিত উপস্থিত হৈ জনতাক সম্বোধি বিভিন্ন অস্বাস আৰু প্ৰতিশ্ৰতিৰে উদাত্ত ভাষণ প্ৰদান কৰি ভূবন গামৰ হৈ ভোট ভীক্ষা কৰে । মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী বিমল বৰাই । দুদিনীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰৰ ভ্ৰমণ সূচীৰে মাজুলীত উপস্থিত হ'য় মুখ্যমন্ত্ৰীগৰাকীয়ে অহা কালিলৈ শুক্ৰবাৰে ৰঙাচাঁহী, ৰতনপুৰ গায়ন, লুইতপৰীয়া আৰু জেংৰাইমূখ পঞ্চায়তৰ পাঁচতা স্থানত প্ৰচাৰ চলাব । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী ঐক্য প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ক্ষুৰধাৰ সমালোচনা কৰি মতা গৰু বুলি আখ্যা দিয়ে । বিপৰীতে ভূবন গামক ১৬ লিটাৰ গাখীৰ দিয়া গাই ৰ লগত তুলনা কৰে ।