চৰকাৰী পক্ষৰ মিত্ৰজতৰ অগপ দলটোক ধাৰাশায়ী কৰাৰ অৰ্থে প্রকাশ কৰিলে অসম চৰকাৰৰ টকাৰ অভাৱ নাই, টকাৰ বানপানী হৈ আছে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
নামনি অসমৰ বঙাইগাঁও জিলাত পৌৰ নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে আজি অভয়াপুৰী আৰু বঙাইগাঁও জিলা সদৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিজেপি নেতা চন্দ্রমোহন পাটোৱাৰীয়ে। তেওঁ কয় অসম চৰকাৰৰ টকাৰ অভাৱ নাই টকাৰ বানপানী হৈ আছে। মোদীয়ে টকাৰ পাইপ খুলি দিছে সেই টকা অসমৰ হাতলৈ আহিছে।অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুইজ খুলি দিলেই ৰাজ্যত টকাৰ বানপানী হব।সেয়েহে বঙাইগাঁও আৰু অভয়াপুৰীবাসী ৰাইজে এইবাৰ দুয়োখন পৌৰসভা বিজেপি দলৰ ডোখললৈ গলে ইয়াতো উন্নয়নৰ বাবে টকাৰ বানপানী হব এনে ভাষণ দাঙি ধৰে আজি অনুষ্ঠিত হোৱা পৌৰসভাৰ নিৰ্বাচনী সভাত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।
Tags:
Assam news