কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মিত্ৰজত ৰ মাজত পৌৰ নিৰ্বাচনক লৈ চলিছে অগপ আৰু বিজেপি মাজত তয়ানয়া ৰাজনৈতিক ৰণ: বিৰোধী দল নিষ্প্ৰভ: বিজেপিয়ে অগপ ক কৰিব নেকি হজম?
অসমৰ পৌৰ নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমৰো প্ৰতিটো জিলাত আজিৰ দিনটোত প্ৰতিটো দলৰে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।কিন্তু ধুবুৰী জিলাত সাংসদ বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলে বিশেষ প্ৰভাৱ লাভ কৰাৰ বিপৰীতে বিটিএডি এলেকাত বিশেষকৈ প্ৰভাৱ বিস্তাৰ লাভ কৰিছে ইউ পি পি এল, বিপিএফ আৰু কংগ্ৰেছ (ই) দলে । প্রাপ্ত বাতৰি মতে একপ্ৰকাৰ কবলৈ গলে সাধাৰণ পৌৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্য ৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰদল চৰকাৰৰ মাজত মুখ্যতঃ বিজেপি আৰু অগপ দল দুটাৰ মাজত সৃষ্টি হৈছে আন এক ঋণাত্মক ৰাজনৈতিক খেল এই খেলৰ পথাৰখন হৈছে নামনি অসমৰ বঙাইগাঁও জিলা। যত অসম আন্দোলন তথা বিগত ১৯৮৫চনৰ অগপ চৰকাৰৰ দিনৰ পৰাই বঙাইগাঁও জিলাত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফনীভূষণ চৌধুৰীয়ে নিজ অগপ দলটোৰ ভাৱমূৰ্তি আজিৰ তাৰিখলৈ অগপ দলৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখি আহিছে । তেনে এক সন্ধিক্ষণত এইবাৰ বিজেপি দলৰ বঙাইগাঁও জিলা সমিতিৰ সম্পূৰ্ণ ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত মিত্ৰজত ৰ মাজত ফাট মেলাৰ উপক্ৰম ঘটিছে। ইতিপূৰ্বে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিজেপি দলে সৰু সৰু আঞ্চলিক দলবোৰক হজম কৰাৰ বহুতো নজিৰ আছে। ইফালে আজি বঙাইগাঁও আৰু অভয়াপুৰীত পৌৰ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মুলতঃ বিৰোধী দলবোৰৰ তুলনাত দুই মিত্ৰজত দলৰ মাজত চলিছে আন এক তয়ানয়া ৰাজনৈতিক ৰণ। আমি ইতিমধ্যে প্ৰচাৰ কৰিছো উক্ত ধৰণৰ এক নমুনা।