কৃষি বিভাগৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড “আত্মা” আৰু “এপাৰ্ট”ৰ মেট পদ্ধতিৰে পৰীক্ষামূলক বৰো খেতিৰ শুভাৰম্ভ
অসম চৰকাৰৰ কৃষি বিভাগৰ আন্তঃৰাষ্ট্ৰীয় ধান গবেষণা কেন্দ্ৰৰ চমুকৈ (আই আৰ আৰ আই)ৰ সহযোগত আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাত “আত্মা” আৰু “এপাৰ্ট” ৰ উদ্যোগত বোকাখাত মহকুমাক মহুৰামুখৰ ২ নং অফলাত আজি মেট পদ্ধতিৰে পৰীক্ষামূলক ভাবে বৰো ধানৰ খেতিৰ শুভাৰম্ভ কৰা হয়৷সেই উপলক্ষে ২ নং অফলাৰ বৰো খেতিৰ পথাৰত অনুষ্ঠুপিয়াকৈ অনুষ্ঠিত কৰা সভাৰ পিছতে এপাৰ্টৰ গোলাঘাট জিলাৰ নডেল অফিচাৰ ৰঞ্জন বৰুৱাই নাৰিকল ভাঙি ফিটা কাটি পথাৰ খনৰ শুভ উদ্বোধন কৰাৰ পিছতে আই আৰ আৰ আইৰ কাৰিকৰী বিষয়া প্ৰদ্যুতন্ন শ্ৰীচানদিয়ানে অত্যাধুনিক যন্ত্ৰৰে বৰো ধানৰ কঠিয়া ৰোপণ কাম শুভাৰম্ভ কৰে৷ প্ৰায় ৬ বিঘা মাটিত পৰীক্ষা মূলক ভাবে উন্নত আৰু অত্যাধুনিক যন্ত্ৰৰে কৰা বৰো খেতিত প্ৰতি বিঘাত ৩৫ মোন উৎপাদন হব বুলি জানিবলৈ দিয়ে ৰঞ্জন বৰুৱাই৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ যোৰহাটৰ কনিষ্ঠ বিজ্ঞানী অংকিতা চাহু, আত্মাৰ গোলাঘাট জিলাৰ প্ৰকল্প সঞ্চালক তপন কুমাৰ মহন্ত, কমাৰ গাওঁ কৃষি চক্ৰ বিষয়া মৃত্যুঞ্জয় শইকীয়া, আত্মাৰ বি টি এম বোকাখাত খণ্ডৰ ৰমেন বসুমথাৰী,আই আৰ আৰ আইৰ পৰীক্ষক কাৰিকৰী অভিশেষ সিনহা,ব্ৰহ্মপুত্ৰ ভেলি ফাৰমাৰ প্ৰডিউচাৰ কোম্পানীৰ সভাপতি ভক্ত লাল উপাদ্যায়,সমিতিৰ পৰিচালকদ্বয় তৰুণ মৰাং আৰু ভদ্ৰ মিলিৰ লগতে প্ৰায় দুকুৰিৰো অধিক কৃষক উপস্থিত থাকে৷
Tags:
Awareness